
তিনিচুকীয়া, ১১ জুন (হি.স.)। তিনিচুকীয়াৰ লাইকাবাসীক টিৰাপ সংৰক্ষিত বনাঞ্চলত সংস্থাপনৰ বিৰোধিতা টাংছা ছাত্ৰ সন্থাৰ। জাগুনত টাংছা ছাত্ৰ সন্থাৰ এক সংবাদমেল সম্বোধন কৰে। আজি জাগুনৰ মুংকাম গাঁৱত সম্বোধন কৰে সংবাদমেল। উল্লেখ্য যে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত লাইকবাসীৰ প্ৰায় ৩৩৪টা পৰিয়ালক লেখাপানী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত পুন সংস্থাপনৰ বিৰোধিতা কৰি উল্লেখ কৰে যে কেৱল লেখাপানী-জাগুন অঞ্চলতেই চৰকাৰ খনে লাইকাবাসী পৰিয়াল সমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ পদক্ষেপ গ্ৰহণ কৰে।
যিহেতু আমি এই অঞ্চলত অতিজৰে পৰা বসৱাস কৰি অহা কেইবাটাও জনজাতি লোক আজিও বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছো। তেনেস্থলত পুনৰ সংস্থাপনৰ নামত আমাক কিয় ভূতৰ ওপৰত দানৱ পৰাদি আকৌ এক সংকটৰ মাজলৈ ঠেলি দিবলৈ প্ৰস্তুত হৈছে চৰকাৰ তথা চৰকাৰী পক্ষই, ইয়ো এক নুবুজা সাঁথৰ হৈ পৰিছে। এক কথাত কবলৈ গলে, লাইকাবাসী ৰাইজক সংস্থাপন দিয়াৰ বাবে আমিও চৰকাৰৰ পক্ষপাতিতা কৰো। কিন্তু প্ৰতিবাৰে এওঁলোকৰ সংস্থাপনৰ বাবে কেৱল জাগুন অথৱা লেখাপানী অঞ্চলকে কিয় লক্ষ্য কৰি লয় তাক লৈ আমি চৰকাৰখনৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছো।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু