
তামুলপুৰ, ১১ জুন (হি.স.)। তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ বৃদ্ধি পোৱা অবৈধ জুৱা খেল আৰু মাৰাত্মক ড্ৰাগছৰ প্ৰকোপ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবীত আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ‘এবিএমছু’ৰ তামুলপুৰ জিলা সমিতিয়ে জিলা খনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক এক স্মাৰক পত্ৰ প্ৰদান কৰে।
সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি টাইচন হুছেইন, জিলা সভাপতি বদৰুদ্দিন খান আৰু সাধাৰণ সম্পাদক বুবুল আলীৰ নেতৃত্বত প্ৰদান কৰা এই স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি, জিলা খনৰ দ্বাৰকুছি, বৰবিলা, খন্দিকৰ, বিহাৰপাৰা, কুমাৰীকাটা আৰু দৰংগা আদি অঞ্চলৰ মুকলি স্থানত দীৰ্ঘদিন ধৰি অবৈধ জুৱা খেল চলি অহাৰ ফলত সাধাৰণ পৰিয়াল সমূহ তীব্ৰ আৰ্থিক সংকটৰ মুখত পৰিছে।
ইয়াৰ সমান্তৰালভাৱে এই অঞ্চল সমূহত গাঞ্জা, নিষিদ্ধ টেবলেট আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ মুকলি প্ৰচলন ভয়াৱহভাৱে বৃদ্ধি পোৱাত স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰজন্মৰ ভৱিষ্যত সম্পূৰ্ণ বিপন্ন হৈ পৰিছে। ছাত্ৰ সংগঠনটোৱে অসম আৰক্ষীৰ ওপৰত আস্থা প্ৰকাশ কৰি অনতিবিলম্বে এই জুৱাৰ ঘাটিসমূহ উৎখাত কৰিবলৈ কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰা, ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱা আৰু সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্ৰভাৱিত অঞ্চলসমূহত আৰক্ষীৰ পহৰা বৃদ্ধি কৰিবলৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীক আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু