
নতুন দিল্লী, ১১ জুন (হি.স.)। বিশ্ব পৰ্যটন মানচিত্ৰত ভাৰতক অধিক সুৰক্ষিত আৰু সুলভ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে কেইবাটাও বৃহত পদক্ষেপ গ্ৰহণ কৰিছে। ১২ বছৰীয়া পৰ্যটন পৰিৱৰ্তনৰ অংশ হিচাপে দেশত এক শক্তিশালী পৰ্যটন পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা হৈছে, য’ত দেশী-বিদেশী উভয়ে ভ্ৰমণকাৰীয়ে নিৰ্ভয়ে যাত্ৰা কৰিব পাৰিব।
পৰ্যটন মন্ত্ৰালয়ৰ মতে, নিৰাপদ আৰু আদৰণীয় ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰিবলৈ চৰকাৰে স্থলভাগত গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ৰূপায়ণ কৰিছে, যেনে ২৪ ঘণ্টীয়া বহুভাষিক হেল্পলাইন আৰু মূল পৰ্যটন স্থলীত নিবেদিত পৰ্যটন আৰক্ষী নিয়োগ কৰা। ভ্ৰমণৰ সময়ত যিকোনো জৰুৰীকালীন, অভিযোগ, বা তাৎক্ষণিক তথ্যৰ বাবে চৰকাৰে এটা নিৰ্দিষ্ট টোল-ফ্ৰী হেল্পলাইন নম্বৰ, ১৩৬৩ জাৰি কৰিছে।এই হেল্পলাইনে ২৪ ঘণ্টাই কাম কৰে। বিদেশী আৰু স্থানীয় পৰ্যটক উভয়ৰে সুবিধাৰ বাবে এই সেৱা ১২টা ভিন্ন ভাষাত উপলব্ধ, যাতে ভাষাৰ বাধাই যাতে কাকো সহায় লাভ কৰাত বাধা নিদিয়ে।
ইয়াৰ উপৰিও দেশৰ প্ৰধান পৰ্যটন ৰাজ্যসমূহত পৰ্যটন আৰক্ষী মোতায়েন কৰি স্থলভাগত পৰ্যটকসকলক তাৎক্ষণিক আৰু বিশেষ নিৰাপত্তা প্ৰদান কৰা হৈছে। বৰ্তমান গোৱা, কেৰালা, ৰাজস্থান, জম্মু-কাশ্মীৰকে ধৰি ১৫খন প্ৰধান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যক্ষম।
এই বিশেষ আৰক্ষী বাহিনীৰ প্ৰধান উদ্দেশ্য হৈছে পৰ্যটনস্থলীত প্ৰৱঞ্চনা ৰোধ কৰা, পৰ্যটকক পথ প্ৰদৰ্শন কৰা, আৰু যিকোনো অসৎ আচৰণৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা।
মন্ত্ৰালয়ৰ মতে, এই নতুন আৰু আধুনিক ব্যৱস্থাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে প্ৰতিজন যাত্ৰীক আশ্বস্ত কৰাৰ লক্ষ্য ৰাখিছে যে আপোনাৰ যাত্ৰাই আপোনাক য’তেই লৈ যায়, তাতেই সহায় সদায় হাতত থাকে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া