ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শোচনীয় তথা পয়ালগা অৱস্থা
ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শোচনীয় তথা পয়ালগা অৱস্থা।
ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শোচনীয় তথা পয়ালগা অৱস্থা


বাক্সা, ১১ জুন (হি.স.): বাক্সা আৰু তামুলপুৰ সীমান্তবৰ্তী ধমধমাৰ মাজমজিয়াত অৱস্থিত ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় খনৰ শোচনীয় অৱস্থাই চিকিৎসা সেৱাত ব্য়াঘাত জন্মাইছে। চিকিৎসালয় খনত চিকিৎসক আৰু কৰ্মচাৰীৰ অভাৱ, চিকিৎসালয়খনত প্ৰায়ে স্থায়ী চিকিৎসক, নাৰ্ছ বা ফাৰ্মাচিষ্টৰ নাটনি থাকে। আন্তঃগাঁথনিৰ দুৰৱস্থা চিকিৎসালয়ৰ পকী বেৰ,চৰকাৰী আৱাসগৃহৰ বিচনাৰ আদিৰ আন্তঃগাঁথনি জহি-খহি গৈছে।

স্থানীয় ৰাইজৰ অভিযোগ মতে চিকিৎসালয়খনৰ পয়ালগা কদৰ্য পৰিৱেশৰ সৃষ্টি হৈছে আৰু ঔষধ আৰু পৰীক্ষাগাৰৰ সুবিধা ৰোগ নিৰ্ণয়ৰ বাবে প্ৰয়োজনীয় আচবাব, লেব’ৰেটৰী সুবিধা জৰুৰীকালীন ঔষধৰ মজুত প্ৰায়ে কম থাকে । চিকিৎসালয়খনৰ আন্তঃগাঁথনি আৰু ২৪ ঘটনাই চিকিৎসা সেৱা আগবঢ়াবলৈ স্থানীয় ৰাইজে চৰকাৰলৈ অনুৰোধ জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande