ভাৰতত জন্মগ্ৰহণ কৰা নিখিল চৌধুৰীৰ ট্ৰেভিছ হেডৰ ঠাইত অষ্ট্ৰেলিয়াৰ টি-২০ দললৈ প্ৰথমবাৰৰ স্থান লাভ
নতুন দিল্লী, ১১ জুন (হি.স.)। বৰ্তমান তাছমেনিয়া আৰু হোবাৰ্ট হাৰিকেনছৰ হৈ খেলা ভাৰতত জন্মগ্ৰহণ কৰা লেগ স্পিন অল ৰাউণ্ডাৰ নিখিল চৌধুৰীক প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। জিৰণি লোৱা ট্ৰেভিছ হেডৰ ঠাইত তেওঁক লো
भारत में जन्मे निखिल चौधरी


নতুন দিল্লী, ১১ জুন (হি.স.)। বৰ্তমান তাছমেনিয়া আৰু হোবাৰ্ট হাৰিকেনছৰ হৈ খেলা ভাৰতত জন্মগ্ৰহণ কৰা লেগ স্পিন অল ৰাউণ্ডাৰ নিখিল চৌধুৰীক প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। জিৰণি লোৱা ট্ৰেভিছ হেডৰ ঠাইত তেওঁক লোৱা হৈছে।

ইয়াৰ পূৰ্বে ৩০ বছৰীয়া নিখিল চৌধুৰীয়ে ভাৰতৰ পঞ্জাৱৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল। ২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত পঞ্জাৱৰ হৈ ১২খন টি-২০ আৰু দুখন লিষ্ট এ মেচ খেলিছিল।২০২০ চনত নিখিলে ককাকৰ ওচৰলৈ যাবলৈ অষ্ট্ৰেলিয়ালৈ গৈছিল। ক’ভিড-১৯ মহামাৰীৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্ত বন্ধ আছিল, আৰু তেওঁ তাতেই থাকিছিল। বৰ্তমান তেওঁৰ হাতত ২০২৭ চনলৈকে বৈধ অস্থায়ী ভিছা আছে।তেওঁ এতিয়াও স্থায়ী বাসস্থান বা অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব লাভ কৰা নাই যদিও আইচিচিৰ নিয়ম অনুসৰি অষ্ট্ৰেলিয়াত পাঁচ বছৰ বাস কৰাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ যোগ্যতা অৰ্জন কৰে।

তেওঁ অষ্ট্ৰেলিয়াত গ্ৰেড ক্ৰিকেটত নিজকে প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁক তেতিয়াৰ হাৰিকনেছৰ বলিং প্ৰশিক্ষক জেমছ হোপছে লক্ষ্য কৰিছিল আৰু তেওঁ হোবাৰ্ট হাৰিকেনছৰ সৈতে চুক্তিবদ্ধ হৈছিল। বিগত তিনিটা ছিজনত বিগ বেছ লীগত নিখিলে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে। ২০২৪-২৫ ছিজনত হাৰিকনেছৰ খিতাপ জয়ৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পিছত তেওঁ তাছমেনিয়াৰ হৈ লিষ্ট এ আৰু প্ৰথম শ্ৰেণীত অভিষেক ঘটায়, শ্বেফিল্ড শ্বিল্ডত প্ৰথম শতক অৰ্জন কৰে আৰু প্ৰথমটো পাঁচ উইকেট দখল কৰে।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ উদ্ধৃতিৰে অষ্ট্ৰেলিয়াৰ নিৰ্বাচক টনি ড’ডেমেইডে কয় যে নিখিল ৰাষ্ট্ৰীয় নিৰ্বাচকসকলৰ দৃষ্টিত যথেষ্ট দিনৰ পৰাই আছিল। ব্রিজবেনত প্ৰি-ছিজন শিবিৰৰ সময়ত তেওঁ দলটোৰ সৈতে অনুশীলন কৰিছিল। বিগ বেছ লীগত তেওঁৰ প্ৰদৰ্শনে নিৰ্বাচকসকলক আপ্লুত কৰিছিল, আৰু এতিয়া তেওঁক দলত সুযোগ দিয়া হৈছে। তেওঁ লগতে উল্লেখ কৰে যে এইবাৰ আই পি এলত নিখিল দিল্লী কেপিটেলছৰ সৈতেও জড়িত আছিল।

অষ্ট্ৰেলিয়াৰ পুৰুষ দলক প্ৰতিনিধিত্ব কৰা ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী খেলুৱৈ নহ’ব নিখিল। ইয়াৰ পূৰ্বে লেগ স্পিনাৰ ৰেক্স চেলাৰ্ছে ১৯৬৪ চনত অষ্ট্ৰেলিয়াৰ হৈ টেষ্ট ক্ৰিকেট খেলিছিল।পুনেত জন্মগ্ৰহণ কৰা প্ৰাক্তন মহিলা ক্ৰিকেট অধিনায়ক লিজা ষ্টালেকাৰে অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰিছিল।

অষ্ট্ৰেলিয়াৰ দল পৰিচালনাই আশা কৰিছে যে বাংলাদেশ ভ্ৰমণৰ সময়ত নিখিলে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশত অভিজ্ঞতা লাভ কৰিব আৰু অহা সপ্তাহত প্ৰথমখন টি-২০ মেচত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী হ’ব। অষ্ট্ৰেলিয়াই আশা কৰিছে অধিনায়ক মিচেল মাৰ্ছে গোৰোহাৰ আঘাতৰ পৰা সুস্থ হৈ টি-২০ ছিৰিজৰ বাবে ফিট হ’ব। জোৱেল ডেভিছ, টিম ডেভিড, স্পেন্সৰ জনছন, জোছ ফিলিপ, এৰন হাৰ্ডিৰ দৰে খেলুৱৈও পুনৰ টি-২০ দললৈ উভতি আহিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande