এতিয়া অনলাইনযোগে মা কামাখ্যা মন্দিৰৰ বাবে বিশেষ দৰ্শন টিকট বুকিং
গুৱাহাটী, ১১ জুন (হি.স.)। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰৰ বিশেষ দৰ্শনৰ টিকট বুকিং এতিয়া কেৱল অনলাইনযোগে কৰা হ’ব। এক বিবৃতিযোগে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে সকলো ভক্তক অৱগত কৰে যে বিশেষ দৰ্শনৰ টিকট বুকিঙৰ বাবে নতুনকৈ প্ৰস্তুত কৰা অনলাইন
माँ कामाख्या देवालय की विशेष दर्शन टिकट बुकिंग अब केवल ऑनलाइन


গুৱাহাটী, ১১ জুন (হি.স.)। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰৰ বিশেষ দৰ্শনৰ টিকট বুকিং এতিয়া কেৱল অনলাইনযোগে কৰা হ’ব। এক বিবৃতিযোগে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে সকলো ভক্তক অৱগত কৰে যে বিশেষ দৰ্শনৰ টিকট বুকিঙৰ বাবে নতুনকৈ প্ৰস্তুত কৰা অনলাইন পৰ্টেলটো অহা ১৫ জুনৰ সন্ধিয়া ৬:০০ বজাত জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব।

উল্লেখযোগ্য যে অম্বুবাছি মহোৎসৱৰ বাবে মা কামাখ্যা মন্দিৰত নিত্য বৃদ্ধি পোৱা ভক্তৰ ভিৰৰ পৰিপ্ৰেক্ষিতত ১৫ জুনৰ পৰা কাউণ্টাৰত বিশেষ দৰ্শন টিকট (পুৱা আৰু বিয়লিৰ স্লট)ৰ অফলাইন বুকিং সুবিধা বন্ধ হৈ যাব। সেয়েহে সকলো ভক্তকে বিশেষ দৰ্শনৰ টিকট কেৱল অফিচিয়েল অনলাইন ৱেবছাইট www.mkdonline.in ৰ জৰিয়তেহে বুকিং কৰিবলৈ আহ্বান জনালোঁ।

কোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ ভক্তসকলক অনলাইন ব্যৱস্থাৰ জৰিয়তেহে বুকিং সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande