তামুলপুৰ জিলাত বিশেষ আধাৰ কেম্পৰ আয়োজন
তামুলপুৰ, ১১ জুন (হি.স.)। তামুলপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত বিশেষ আধাৰ পঞ্জীয়ন আৰু আপডেট কেম্প অনুষ্ঠিত হৈ আছে। ২০২৬ চনৰ ১৫ মে'' তাৰিখে অতিৰিক্ত জিলা আয়ুক্তৰ দ্বাৰা জাৰি কৰা আদেশ অনুযায়ী উক্ত কেম্পসমূহ ২০২৬ চনৰ মে'' মাহৰ পৰা আৰম্ভ হৈছে আৰু ২০২৭
তামুলপুৰ জিলাত বিশেষ আধাৰ কেম্পৰ আয়োজন।


তামুলপুৰ, ১১ জুন (হি.স.)। তামুলপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত বিশেষ আধাৰ পঞ্জীয়ন আৰু আপডেট কেম্প অনুষ্ঠিত হৈ আছে। ২০২৬ চনৰ ১৫ মে' তাৰিখে অতিৰিক্ত জিলা আয়ুক্তৰ দ্বাৰা জাৰি কৰা আদেশ অনুযায়ী উক্ত কেম্পসমূহ ২০২৬ চনৰ মে' মাহৰ পৰা আৰম্ভ হৈছে আৰু ২০২৭ চনৰ জানুৱাৰী মাহ পৰ্যন্ত পৰ্যায়ক্ৰমে চলিব।

উদয়-ৰ নিৰ্দেশনা অনুসৰি, ৫-৭ বছৰ আৰু ১৫-১৭ বছৰ বয়সৰ শিশু সকলৰ বাধ্যতামূলক বায়'মেট্ৰিক আপডেট (MBU) নিশ্চিত কৰিবলৈ এই কেম্প সমূহ আয়োজন কৰা হৈছে বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা গৈছে। গোৰেশ্বৰ আৰু তামুলপুৰ ব্লকৰ ৭৯২ খন বিদ্যালয়ক এই কেম্পৰ আওতালৈ অনা হৈছে।

এই বাধ্যতামূলক বায়'মেট্ৰিক আপডেট সম্পূৰ্ণ বিনামূলীয়া। ছাত্ৰ-ছাত্ৰী সকলক আধাৰ কাৰ্ডৰ প্ৰতিলিপি, জন্মৰ প্ৰমাণপত্ৰ, বিদ্যালয়ৰ পৰিচয় পত্ৰ আৰু অভিভাৱকৰ ঠিকনাৰ প্ৰমাণপত্ৰ লৈ কেম্পত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ বাহিৰে স্থানীয় নাগৰিকেও আধাৰ পঞ্জীয়ন আৰু আপডেট কৰিব পাৰিব বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande