ৰঙাপৰাত চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰিবহন আৰু সুৰক্ষা আঁচনিৰ শুভ উদ্বোধন
–শোণিতপুৰৰ ৩২ খন চাহ বাগিছাৰ বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীৰ বাবে বিশেষ সুবিধা –ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষিতভাবে বিদ্যালয়লৈ অনাৰ প্ৰয়াস কৰাটো আমাৰ দায়িত্ব- জিলা আয়ুক্ত আনন্দ কুমাৰ দাস শোণিতপুৰ, ১১ জুন (হি.স.)। বৰ্তমানৰ সময়ত বিশেষকৈ চাহ বাগিচাৰ অঞ্চলৰ ছাত
শোণিতপুৰৰ ৩২ খন চাহ বাগিছাৰ বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীৰ বাবে বিশেষ সুবিধা  ৰঙাপৰাত চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰিবহন আৰু সুৰক্ষা আঁচনিৰ শুভ উদ্বোধন  ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষিতভাবে বিদ্যালয়লৈ অনাৰ প্ৰয়াস কৰাটো আমাৰ দায়িত্ব- জিলা আয়ুক্ত আনন্দ কুমাৰ দাস


–শোণিতপুৰৰ ৩২ খন চাহ বাগিছাৰ বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীৰ বাবে বিশেষ সুবিধা

–ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষিতভাবে বিদ্যালয়লৈ অনাৰ প্ৰয়াস কৰাটো আমাৰ দায়িত্ব- জিলা আয়ুক্ত আনন্দ কুমাৰ দাস

শোণিতপুৰ, ১১ জুন (হি.স.)। বৰ্তমানৰ সময়ত বিশেষকৈ চাহ বাগিচাৰ অঞ্চলৰ ছাত্ৰ-ছাত্রীসকলৰ শিক্ষা ব্যবস্থা উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন ধৰণ সা-সুবিধা প্ৰদান কৰি অহাৰ লগতে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে । যাতে চাহ বাগিচা অঞ্চলত শিক্ষা ব্যৱস্থা উন্নত হয়, ল'ৰা-ছোৱালীসকলক পঢ়া-শুনাৰ প্রতি আগ্রহ বৃদ্ধি কৰা, ছাত্র-ছাত্রীসকল প্রতিদিনে বিদ্যালয়মুখী হয় আৰু আধাতে বিদ্যালয় ত্যাগ কৰা ছাত্র-ছাত্রীসকল পুনৰ বিদ্যালয়লৈ ঘূৰাই আনিব পাৰে। ৰাজ্য চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীসকলক নিযুত মইনা আঁচনিৰ দ্বাৰা আর্থিক সাহায্য প্ৰদান কৰা হৈছে যে ছাত্রীসকলে কিতাপ-পত্র সময়ত ক্ৰয় কৰিব পাৰে বিগত বৰ্ষত শোণিতপুৰ জিলাত ১১ হাজাৰ ছাত্ৰীয়ে নিযুত মইনা আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্রীসকলক উচ্চ শিক্ষা গ্রহণত উৎসাহিত কৰাৰ উদ্দেশ্যৰে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে । ছাত্র-ছাত্রীসকলে গুণগত শিক্ষাৰে ভবিষ্যতে এজন শিক্ষিত মানুহ হ'ব পাৰে তাৰে বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপবোৰ গ্ৰহণ কৰিছে।' এইদৰে মন্তব্য কৰে শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে।

আজি সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়ত উপস্থিতি বৃদ্ধি আৰু স্কুলীয়া শিক্ষাৰ সুবিধা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰঙাপৰাত সমগ্ৰ শিক্ষা অসমৰ অধীনত ৰূপায়ণ কৰা 'পৰিবহন আৰু সুৰক্ষাৰ ব্যৱস্থা' আঁচনিখন আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে জিলা আযুক্ত আনন্দ কুমাৰ দাসে। অনুষ্ঠানত ভাষণ প্রসংগত জিলা আযুক্ত গৰাকীয়ে কয় যে 'যোৱা বৰ্ষত প্রায় ৮ হাজাৰ ৫৩০ খন চাইকেল নৱম শ্ৰেণীৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হৈছে। আজিৰে পৰা নতুনকৈ আৰম্ভ হোৱা আঁচনিখনৰ অধীনত জিলাখনৰ ২২ খন প্রাথমিক বিদ্যালয়, ২ খন উচ্চ প্রাথমিক বিদ্যালয় আৰু ৮ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি সৰ্বমুঠ ৩২ খন শিক্ষানুষ্ঠানৰ সৰ্বমুঠ ২২৭১ জন ছাত্র-ছাত্রীক সামৰি লোৱা হৈছে । প্রতিমাহে শিক্ষার্থীসকলক বিদ্যালয়লৈ অনা-নিয়াৰ বাবে চৰকাৰে প্ৰতিজন শিক্ষার্থীৰ নামত ৬০০ টকা ব্যয় কৰিব। আঁচনিখনৰ মূল উদ্দেশ্য হৈছে যে ছাত্র-ছাত্ৰীৰ উপস্থিতিৰ হাৰ বৃদ্ধি কৰা, কোনো ছাত্র বা ছাত্ৰীয়ে যাতায়তৰ অসুবিধাৰ বাবে স্কুল বাদ দিবলগীয়া নহয় আৰু চাহ বাগিচাৰ দূৰণীবটীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্রহণৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাটো। অসমৰ চৰকাৰৰ শিক্ষা বিভাগে ছাত্র-ছাত্ৰীৰ শৈক্ষিক বিকাশৰ আৰু সৰ্বাত্মক উত্তৰণৰ বাবে কেইবাখনো আঁচনি ৰূপায়ণ কৰিছে।'

আয়ুক্ত গৰাকীয়ে ৰঙাপৰাৰ ৰৌনাথপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ উদাহৰণ দাঙি ধৰি কয় যে 'বহু ছাত্র-ছাত্রীয়ে আজিও প্রায় ১৫ কিলোমিটাৰ দূৰৈৰ পৰা নানা কষ্ট সহ্য কৰি অহা-যোৱা কৰি আহিছে। চাৰিদুৱাৰৰ গামানি হাইস্কুলত অধ্যয়ন কৰি থকা একাংশ ছাত্ৰ-ছাত্ৰীয়ে বহুদূৰ পৰা বিভিন্ন সমস্যাৰ মাজেৰে আহি শিক্ষা গ্রহণ কৰাৰ কথাও উল্লেখ কৰে। যিজন শিক্ষাৰ্থীৰ শিক্ষাৰ প্রতি আগ্রহ আছে আৰু যি গৰাকী অভিভাৱক শিক্ষাৰ প্ৰতি সচেতন আছে সেই সকলে কষ্টৰ মাজেৰে আহি বিদ্যালয়ত প্রতিদিনে উপস্থিত হয়। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষিতভাৱে বিদ্যালয়লৈ অনাৰ প্ৰয়াস কৰাটো আমাৰ দায়িত্ব বুলি তেওঁ মন্তব্য কৰে। চৰকাৰে আঁচনিবোৰ ৰূপায়ণ কৰি আছে আৰু ভবিষ্যতলৈ কৰি থাকিব। চৰকাৰী আঁচনি গ্রহণ কৰি ছাত্র-ছাত্রীসকলে নিতৌ বিদ্যালয়ত উপস্থিত হৈ ভালদৰে শিক্ষা গ্রহণৰে কিদৰে এজন ভাল মানুহ হ'ব পাৰি তাৰ বাবে কষ্ট কৰিব লাগিব। এতিয়া তোমালোকৰ কষ্ট কৰাৰ সময়। বয়স আৰু সময় থাকোতে চাহ বাগিচা অঞ্চলৰ সন্তানসকলে অধ্যয়ন নকৰিলে পিছত কষ্টকৰ জীৱন কটাবলগীয়া হ'ব। বৰ্তমানৰ সময়ত একাংশ নৱপ্ৰজন্ম মাদ্রৱ দ্ৰব্যৰ প্ৰতি আগ্ৰহ কৰা হোৱা পৰিলক্ষিত হৈছে। মাদ্ৰৱ দ্ৰব্যৰ পৰা দূৰত্ব বজাই ৰাখি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি মনোনিবেশ কৰিবলৈ পৰামৰ্শ দিয়ে।

ইফালে দিনৰ ১১ বজাত ৰঙাপৰাৰ সোণাজুলি চাহ বাগিচা আদর্শ বিদ্যালয়ত অসমৰ চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত উপস্থিতি বৃদ্ধি তথা স্কুলীয়া শিক্ষাৰ সুবিধা নিশ্চিত কৰিবলৈ সমগ্র শিক্ষা অসমে ৰূপায়ণ কৰা আঁচনিখন আনুষ্ঠানিক ভাবে শুভাৰম্ভ অনুষ্ঠানত সোণাজুলি চাহ বাগিচা আদর্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক নাদিম ৰাজা, জিলা শিক্ষা আঁচনি বিষয়া মনোজ কুমাৰ গোঁহাই সোণাজুলি সংমণ্ডল সমন্বয়ক সমল ব্যক্তি ৰাজীৱ দাসকে ধৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্র-ছাত্রীসকল উপস্থিত থাকে। কার্যসূচী আৰম্ভ হোৱাৰ পূর্বে বিদ্যালয়খনৰ ছাত্ৰীসকলে এটি সমবেত সংগীত আৰু এটি বুমুইৰ নৃত্য পৰিৱেশন কৰে। সোণাজুলি চাহ বাগিচা আদর্শ বিদ্যালয়ৰ ১২২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আজিৰে পৰা ১১ খন ই-ৰিক্সাৰে বিভিন্ন স্থানৰ পৰা বিদ্যালয়লৈ অহা-যোৱা কৰাৰ সুবিধা লাভ কৰিব। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই পদক্ষেপ গ্ৰহণ কৰাৰ পিছত চাহ বাগিচা অঞ্চলৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্র-ছাত্রীসকলে বিনামূলীয়া পৰিবহন আৰু সুৰক্ষা ব্যৱস্থা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে।

ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলৰ শিক্ষার্থীসকলক বিদ্যালয়মুখী কৰাৰ লক্ষ্যৰে লাখ লাখ টকা ব্যয় কৰি এই নতুন পদক্ষেপে শিক্ষাৰ ক্ষেত্ৰত ইতিবাচক পৰিবৰ্তন আনিব বুলি সকলো আশা প্রকাশ কৰিছে। কিন্তু উক্ত অভিলাষী আঁচনিৰ ফলত জিলাখনৰ ৩২ খন বিদ্যালয়ত উপস্থিতিৰ হাৰ কিমান বৃদ্ধি পায় সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande