
কলকাতা, ১১ জুন (হি.স.)। পশ্চিম বংগত সংঘটিত হোৱা বিতৰ্কিত স্বাক্ষৰ জালিয়াতিৰ গোচৰত তৃণমূল কংগ্ৰেছৰ দুগৰাকী জ্যেষ্ঠ নেতাৰ মাজত মতানৈক্যৰ কথা পোহৰলৈ আহিছে । তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে দাখিল কৰা আবেদনখনক প্ৰতিনিধিত্ব কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিছে জ্যেষ্ঠ অধিবক্তা তথা দলৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে। তদুপৰি তেওঁ অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰিছে।
ইফালে কলিকতা উচ্চ ন্যায়ালয়ে অভিষেক বেনাৰ্জীক ৰাজ্যিক চি আই ডিৰ তদন্তত সহযোগিতা কৰি বৃহস্পতিবাৰে সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।
শুনানিৰ সময়ত ন্যায়াধীশ কৌশিক চন্দ্ৰই অভিষেক বেনাৰ্জীয়ে চি আই ডিৰ চমন মানি চলি তদন্তকাৰী সংস্থাৰ সন্মুখত হাজিৰ হৈ তদন্তত সহযোগ কৰিবলৈ নিৰ্দেশ দিয়ে। অহা দুসপ্তাহৰ ভিতৰত এই গোচৰৰ পৰৱৰ্তী শুনানি নোহোৱালৈকে অভিষেকৰ বিৰুদ্ধে চি আই ডিয়ে কোনো ধৰণৰ জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণ নকৰে বুলিও আদালতে স্পষ্ট কৰি দিয়ে। অৱশ্যে তদন্তকাৰী সংস্থাটোক আইনৰ পৰিসৰৰ ভিতৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ অনুমতি দিয়া হৈছে।
খবৰ অনুসৰি অভিষেক বেনাৰ্জীয়ে বৃহস্পতিবাৰে সন্ধিয়া দিল্লীৰ পৰা কলকাতালৈ উভতি অহাৰ কথা আৰু সন্ধিয়া ৬ বজাৰ ভিতৰত চিআইডিৰ মুখ্য কাৰ্যালয় ভৱানী ভৱনত হাজিৰ হ’ব লাগিব।
এই গোচৰত অভিষেক বেনাৰ্জীয়ে চিআইডিৰ ব্যৱস্থাৰ পৰা সকাহ আৰু আইনী সুৰক্ষা বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। জ্যেষ্ঠ অধিবক্তা তথা সাংসদ কল্যাণ বেনাৰ্জীয়ে প্ৰথমে আদালতত তেওঁক প্ৰতিনিধিত্ব কৰাৰ কথা আছিল যদিও শুনানিৰ ঠিক আগতেই তেওঁ নিজকে আঁতৰাই পেলায়। পৰৱৰ্তী সময়ত অধিবক্তা অয়ন ভট্টাচাৰ্যই অভিষেকক আদালতত প্ৰতিনিধিত্ব কৰে। কল্যাণ বেনাৰ্জীৰ লগতে তেওঁৰ পুত্ৰ শীৰ্ষণ্য বেনাৰ্জী আৰু তেওঁৰ আইনী দলৰ অন্যান্য কনিষ্ঠ অধিবক্তাসকলেও গোচৰৰ পৰা আঁতৰি যায়।
গোচৰৰ পৰা আঁতৰি অহাৰ পিছতে অভিষেক বেনাৰ্জীৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় কল্যাণ বেনাৰ্জীয়ে। তেওঁ আগদিনা আদালতত অভিষেকৰ গোচৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কালিঘাট বাসগৃহলৈ চি আই ডিৰ ভ্ৰমণৰ বিষয়টো উত্থাপন কৰা বুলি উল্লেখ কৰে। তেওঁৰ মতে, সেইদিনা আদালতে গোচৰৰ শুনানি গ্ৰহণ কৰা নাছিল, তাৰ পিছত তেওঁ গোচৰটো জৰুৰী শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ অনুৰোধ জনাইছিল।
কল্যাণ বেনাৰ্জীয়ে অভিযোগ কৰে যে বুধবাৰে গভীৰ নিশা তেওঁৰ পুত্ৰক ফোনযোগে জনোৱা হৈছিল যে তেওঁৰ সলনি কনিষ্ঠ অধিবক্তা অয়ন ভট্টাচাৰ্যই গোচৰটোৰ প্ৰতিনিধিত্ব কৰিব। অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে তেওঁ ৪৫ বছৰ ধৰি আইন চৰ্চা কৰি আহিছে আৰু এনে আচৰণ সহ্য কৰিব নোৱাৰে।
মমতাই অভিষেক আঁতৰাব লাগে নহ'লে আমাক আঁতৰাই দিব লাগে
তেওঁ ক'লে, মই অভিষেক বেনাৰ্জীৰ লগত নাথাকো। মই মমতা বেনাৰ্জীক ক'ম যে হয় অভিষেকক ৰাখি আমাক এৰি দিয়ক, নহয় আমাক ৰাখি অভিষেকক আঁতৰাই দিয়ক।
অভিষেক বেনাৰ্জীয়ে দলৰ ক্ষতি কৰাৰ অভিযোগো উত্থাপন কৰে কল্যাণ বেনাৰ্জীয়ে। তেওঁ কয় যে অভিষেকে দলৰ ক্ষতি কৰিছে যদিও ইয়াৰ পিছতো তেওঁৰ মনোভাৱৰ কোনো পৰিৱৰ্তন হোৱা নাই।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ