
–পৰিৱেশ সংৰক্ষণ আৰু যুৱ শক্তিকৰণৰ বাবে ৰূপান্তৰকাৰী ৰাষ্ট্ৰীয় আন্দোলনৰ নেতৃত্ব
–২৫ এপ্ৰিলত যাত্ৰা আৰম্ভ কৰি ইতিমধ্যে চাইকেল চলালে ৪২ ,৫০০ কিলোমিটাৰ
–লক্ষ্য ২৭ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চল
–অসাধাৰণ দৃঢ়তা আৰু ৰাষ্ট্ৰীয় চেতনাৰে যাত্ৰা কালত ৰোপণ কৰিলে ৩৪,১০০ ৰো অধিক গছপুলি
শোণিতপুৰ, ১১ (হি.স.)। পৰিৱেশ সংৰক্ষণ আৰু যুৱ শক্তিকৰণৰ বাবে ৰূপান্তৰকাৰী ৰাষ্ট্ৰীয় আন্দোলনৰ দায়িত্বৰে তেজপুৰত যোৱাকালি বুধবাৰে উপস্থিত হয়হি এগৰাকী বিশেষ চাইকেল আৰোহী । যি ইতিমধ্যে ২৭ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত ৰাজ্য চাইকেলেৰে অতিবাহিত কৰাৰ লক্ষ্য লৈ ইতিমধ্যে ৪২ ,৫০০ কিলোমিটাৰ অধিক পথ অতিক্ৰম কৰিছে ।
উল্লেখ্য যে চৰম প্ৰতিকূলতাক প্ৰত্যাহ্বান জনাই আৰু সহনশীলতাৰ নতুন সংজ্ঞা দাঙি ধৰি ভাৰতীয় চাইকেল আৰোহী এইগৰাকী পাপু ৰাম চৌধুৰীয়ে ‘শক্তি সংকল্প অভিযান ’ৰ নেতৃত্ব দিছে — পৰিবেশ সংৰক্ষণ আৰু যুৱ শক্তিকৰণৰ বাবে এক ৰূপান্তৰকাৰী ৰাষ্ট্ৰীয় আন্দোলনৰ । ৰাজস্থানৰ নাগৌৰৰ বাসিন্দা, অক্সিহাংগাৰ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক আৰু বিশিষ্ট সহনশীলতা-ভিত্তিক চাইকেল আৰোহী পাপু ৰাম চৌধুৰীয়ে কালি নিশা জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ তত্বাৱধানত তেজপুৰৰ আবৰ্ত ভৱনত নৈশ যাপন কৰাৰ পিছত আজি তেজপুৰৰ সাংবাদিকক সম্বোধন কৰি কয় -বৰ্তমান “শক্তি সংকল্প অভিযান” শীৰ্ষক এক অসাধাৰণ ৰাষ্ট্ৰীয় অভিযানৰ নেতৃত্ব দিছে তেওঁ। এই অভিযানটো ৬০,০০০ কিলোমিটাৰৰ চাইকেল যাত্ৰা, যাৰ উদ্দেশ্য হৈছে পৰিবেশগত স্থায়িত্ব, যুৱ শক্তিকৰণ আৰু সামাজিক সজাগতা বৃদ্ধি কৰা। যোৱা ২৫ এপ্ৰিল তাৰিখে আৰম্ভ কৰা এই অভিযানটোৱে ইতিমধ্যে ৪২,৫০০ কিলোমিটাৰৰো অধিক পথ অতিক্ৰম কৰিছে আৰু ২৭খন ৰাজ্য আৰু ৬টা কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি লৈছে।অসাধাৰণ দৃঢ়তা আৰু ৰাষ্ট্ৰীয় চেতনাৰ পৰিচয় দি এই যাত্ৰাই ভাৰতৰ বিভিন্ন প্ৰাকৃতিক আৰু প্ৰতিকূল ভূ-প্ৰকৃতি অতিক্ৰম কৰিছে—উপকূলীয় অঞ্চল, হিমালয় পৰ্বতাঞ্চল, ৰাজস্থানৰ মৰুভূমি আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দূৰৱৰ্তী অঞ্চলসমূহ। এই যাত্ৰাই “বৈচিত্ৰ্যৰ মাজত ঐক্য” আৰু ব্যক্তিগত অংগীকাৰৰ শক্তিৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে।
“শক্তি সংকল্প অভিযান ”ৰ কৌশলগত উদ্দেশ্যসমূহ অক্সিহাংগাৰ ফাউণ্ডেচনৰ তত্বাৱধানত পৰিচালিত এই ৰাষ্ট্ৰীয় অভিযানৰ মুখ্য উদ্দেশ্যসমূহ হৈছে— পৰিবেশ সংৰক্ষণ আৰু বৃহৎ পৰিসৰত গছপুলি ৰোপণক উৎসাহিত কৰা। নগৰ আৰু গ্ৰামাঞ্চলত পথ-সুৰক্ষা সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰা। যুৱ সমাজক স্বাস্থ্যসন্মত জীৱনশৈলী, শৃংখলা আৰু ফিটনেছৰ প্ৰতি উৎসাহিত কৰা আৰু মাদক দ্ৰব্য বিৰোধী সজাগতা অভিযান চলোৱা।নাগৰিক দায়িত্ববোধ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মূল্যবোধক প্ৰসাৰ কৰা। এই অভিযানৰ অংশ হিচাপে ইতিমধ্যে ৩৪,১০০ৰো অধিক গছপুলি ৰোপণ কৰা হৈছে, যিয়ে ফাউণ্ডেচনৰ ১,০০,০০০ গছপুলি ৰোপণৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
ভিজন ২০২৬ : মাউণ্ট এভাৰেষ্ট আৰোহণ এই অনুপ্ৰেৰণাদায়ক অভিযানৰ পৰৱৰ্তী ধাপ হিচাপে পাপু ৰাম চৌধুৰীয়ে ২০২৬ চনত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ জৰিয়তে তেওঁ পৰিবেশ সংৰক্ষণ আৰু জাতীয় গৌৰৱৰ বাৰ্তা পৃথিৱীৰ সৰ্বোচ্চ শৃংগলৈ লৈ যাব বিচাৰে। সহনশীলতা, প্ৰভাৱ আৰু নেতৃত্ব সীমিত সম্পদ আৰু চৰম জলবায়ুগত তথা শাৰীৰিক প্ৰতিকূলতাৰ মাজতো পাপু ৰাম চৌধুৰীৰ এই যাত্ৰাই অধ্যৱসায়, নেতৃত্ব আৰু তৃণমূল পৰ্যায়ৰ প্ৰভাৱৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে ।তেওঁৰ এই উদ্যোগে দেশজুৰি হাজাৰ হাজাৰ যুৱক-যুৱতী, শিক্ষা প্ৰতিষ্ঠান আৰু সমাজক অনুপ্ৰাণিত কৰি আহিছে। উপকূলীয় বতাহ, হিমালয়ৰ কঠিন আৰোহণ, মৰুভূমিৰ তাপ অথবা উত্তৰ-পূৰ্বাঞ্চলৰ কঠিন ভূখণ্ড—সকলো বাধা অতিক্ৰম কৰি এই অভিযান মানৱীয় সহনশীলতা আৰু উদ্দেশ্যপ্ৰণোদিত কৰ্মৰ এক শক্তিশালী নিদৰ্শন হৈ পৰিছে ।
সমাজ ভিত্তিক সংযোগ আৰু অংশগ্ৰহণ এই অভিযান চলাৰ সময়ত তেওঁ সক্ৰিয়ভাৱে সংযোগ স্থাপন কৰিছে—শিক্ষানুষ্ঠান সমূহৰ লগতে যুৱ সংগঠন আৰু স্থানীয় গোটসমূহ, সমাজৰ নেতা আৰু সাধাৰণ নাগৰিকক য় তেওঁ পৰিবেশ সুৰক্ষা, স্বাস্থ্য আৰু সামাজিক দায়িত্ববোধ সম্পৰ্কে ফলপ্ৰসূ সজাগতা সভা আৰু আলোচনা অনুষ্ঠান আদিও আয়োজন কৰি আহিছে । উল্লেখ্য যে অক্সিহাংগাৰ ফাউণ্ডেচন হৈছে এক সমাজমুখী সংস্থা, যিয়ে সমগ্ৰ ভাৰতত পৰিবেশ সংৰক্ষণ, যুৱ উন্নয়ন আৰু জনসচেতনতা বৃদ্ধিৰ বাবে কাম কৰি আছে। বিভিন্ন প্ৰভাৱশালী অভিযান আৰু তৃণমূল পৰ্যায়ৰ কাৰ্যসূচীৰ জৰিয়তে সংস্থাটোৱে এক সুস্থ, সেউজীয়া আৰু অধিক দায়িত্বশীল সমাজ গঢ়ি তোলাৰ লক্ষ্য লৈ কাম কৰি আছে ।ইতিমধ্যে অৰুণাচল প্ৰদেশৰ পৰা অহা এই চাইকেল আৰোহী গৰাকী কালি তেজপুৰত উপস্থিত হোৱাৰ পিছত আজি অসমৰ চাহৰ প্ৰসংগও উল্লেখ কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ