
গুৱাহাটী, ১১ জুন (হি.স.)। ২০২৪ আৰু ২০২৫ বৰ্ষৰ ‘সংগীত নাটক একাডেমী বঁটা’ ঘোষণা কৰা হৈছে । সংগীত, নৃত্য, থিয়েটাৰ, পুতলা নাচকে ধৰি বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান, গৱেষণা, প্ৰদৰ্শন কলাৰ বিভিন্ন ক্ষেত্ৰৰ পৰা ১০৮গৰাকী শিল্পীলৈ এই বঁটা প্ৰদান কৰা হয়।
একাডেমীৰ সাধাৰণ পৰিষদে ২০২৪ আৰু ২০২৫ বৰ্ষৰ ‘সংগীত নাটক একাডেমী ওস্তাদ বিচমিল্লাহ খাঁ যুৱ পুৰস্কাৰ’ প্ৰদান কৰিছে ১০৬গৰাকী যুৱ শিল্পীলৈ। অসমৰো কেইবাগৰাকী বিশিষ্ট শিল্পীলৈ ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰা হয়। ইয়াৰ লগতে ২০২৪ আৰু ২০২৫ ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰো প্ৰদান কৰা হয় কেইবাগৰাকী শিল্পীলৈ।
সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অবদানৰ বাবে প্ৰেম ওজা বৰবায়নলৈ ২০২৪ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা। কথক নৃত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে বিপুল চন্দ্ৰ দাসলৈ আগবঢ়োৱা হৈছে সংগীত নাটক একাডেমী বঁটা। অভিনয় ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে চেতনা দাস ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা।
সত্ৰীয়াত আগবঢ়োৱা অৱদানৰ বাবে মল্লিকা কন্দলীলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা। সত্ৰীয়া নৃত্য আগবঢ়োৱা অৱদানৰ বাবে ভাস্কৰজ্যোতি ওজালৈ ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ।
সত্ৰীয়া নৃত্যত আগবঢ়োৱা অৱদনৰ বাবে মিনাক্ষি মেধিলৈ ২০২৪ বৰ্ষৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ । লোকসংগীতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহী দিলীপ হীৰালৈ ২০২৪ চনৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। নাট নিৰ্দেশনাৰ বাবে বিদ্যুৎ কুমাৰ নাথলৈ ২০২৪ চনৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে ।
খোল বাদনৰ ক্ষেত্ৰ দেখুওৱা অনবদ্য অৱদানৰ বাবে দেৱজিৎ শইকীয়া ২০২৫ চনৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে । সত্ৰীয়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে নিৰঞ্জন শইকীয়া বৰবায়ন ২০২৪ চনৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে । লোকসংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে হীৰক জ্যোতি শৰ্মালৈ ২০২৪ চনৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ