কলগাছিয়াৰ লাচাংগাত ন-বিবাহিত জীয়ৰীৰ চিপ লৈ ৰহস্যজনক আত্মহত্যা
কলগাছিয়াৰ লাচাংগাত হৃদয় বিদাৰক ঘটনা ।
কলগাছিয়াৰ লাচাংগাত ন-বিবাহিত জীয়ৰীৰ চিপ লৈ ৰহস্যজনক আত্মহত্যা


বৰপেটা, ১১ জুন (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াৰ লাচাংগাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । লাচাংগা গাঁৱৰ ন- বিবাহিত জীয়ৰীৰ চিপ লৈ ৰহস্যজনক আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । আত্মহত্যা কৰা মহিলা গৰাকী লাচাংগা গাঁৱৰ নিজামুদ্দিনৰ বিবাহিতা কন্য়া আছিল। যোৱা কালি সন্ধিয়া সময়ত ঘৰত কোনেও নথকাৰ সুযোগতে এই চৰম সিদ্ধান্ত লয় । পিতৃ মাতৃ ঘৰত নথকা অৱস্থাত ৰান্ধনী ঘৰত চিপ লৈ আত্মহত্যা কৰে ।

উল্লেখযোগ্য যে এমাহ মান পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা ছোৱালীগৰাকীয়ে কিয় এনে চৰম সিদ্ধান্ত ল’লে সেয়া ৰহস্যজনক হৈ পৰিছে। স্থানীয় ৰাইজে অনুমান কৰা মতে ছোৱালী জনীৰ ভালপোৱাৰ বিপৰীত অভিভাৱকে যোৰ জুলুম কৰি অন্য যুৱকলৈ বিয়া দিয়াৰ কৰুণ পৰিণতি বুলি সন্দেহ প্ৰকাশ কৰিছে । স্থানীয় ৰাইজে ঘটনাৰ তদন্তমৰ্মে ন্যায় বিচাৰিছে । ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষীক অৱগত কৰোৱাত ঘটনাস্থলিত কলগাছিয়া থানাৰ আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লগে লগে মৃতদেহটো কলগাছিয়া থানালৈ লৈ যায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande