তামাৰহাটৰ উজানপেটলা দ্বিতীয় খণ্ড গাঁৱত জঘন্য ঘটনা–ধৰ্ষণৰ বলি হিন্দু নাবালিকা
তামাৰহাটৰ উজানপেটলা দ্বিতীয় খণ্ড গাঁৱত জঘন্য ঘটনা।
তামাৰহাটৰ উজানপেটলা দ্বিতীয় খণ্ড গাঁৱত জঘন্য ঘটনা–ধৰ্ষণৰ বলি হিন্দু নাবালিকা


ধুবুৰী ১১ জুন (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটৰ উজানপেটলা দ্বিতীয় খণ্ড গাঁৱত যোৱা কালি বুধবাৰে বিয়লি সংঘটিত হৈছে এক জঘন্য ঘটনা। হিন্দু নাবালিকা কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ভুক্তভোগী নাবালিকা গৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে । ইফালে অভিযোগত ভিত্তিত লম্পট আজিজুল শ্বেখক তামাৰহাটৰ আৰক্ষীয়ে আটক কৰিছে ।

জানিব পৰামতে, ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকা গৰাকীক আজিজুল শ্বেখে চলায় আক্ৰমন । প্ৰথমে চলায় ধৰ্ষণৰ অপচেষ্টা।নাবালিকাগৰাকীয়ে চিঞৰ বাখৰ কৰাত চলায় হত্যাৰ অপচেষ্টা চলায় । ডিঙি ৰেপি ধৰাত অচেতন হৈ পৰে নাবালিকা গৰাকী । ইফালে ওচৰ চুবুৰীয়াৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে লম্পট আজিজুল শ্বেখ। ঘটনা সম্পৰ্কে খবৰ দিয়া হয় তামাৰহাট আৰক্ষীক।

আৰক্ষী ঘটনা স্থলিত উপস্থিত হৈ নাবালিকা গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয় লৈ প্ৰেৰণ কৰে। ইপিনে তাৎক্ষণিক ভাৱে আৰক্ষীয়ে আটক কৰে অভিযুক্ত লম্পট আজিজুল শ্বেখক । ঘটনা সন্দৰ্ভত তামাৰহাট থানাত ভুক্তভোগী পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছে ।এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে দল সংগঠনসমূহে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande