শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিত প্ৰথমখন মহাবিদ্যালয়ৰ স্থান পৰিদৰ্শন নৱনিৰ্বাচিত বিধায়ক ঋতুবৰণ শৰ্মাৰ
–বৃহত্তৰ বিহগুৰি বাসীৰ দীৰ্ঘদিনীয়া সপোনৰ সাকাৰ ৰূপ –৪৩ বিঘা মাটিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয় স্হাপনৰ বাবে অসম চৰকাৰৰ ৩৩ কোটি টকা আবন্টন শোণিতপুৰ, ১১ জুন (হি.স.)। শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণৰ পথ প্ৰশস
শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিত প্ৰথমখন মহাবিদ্যালয়  বৃহত্তৰ বিহগুৰি বাসীৰ দীৰ্ঘদিনীয়া সপোনৰ সাকাৰ ৰূপ  ৪৩ বিঘা মাটিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয়  স্হাপনৰ বাবে অসম চৰকাৰৰ ৩৩ কোটি টকা আবন্তন  স্হান পৰিদৰ্শন নৱনিৰ্বাচিত বিধায়ক ঋতুবৰণ শৰ্মাৰ


–বৃহত্তৰ বিহগুৰি বাসীৰ দীৰ্ঘদিনীয়া সপোনৰ সাকাৰ ৰূপ

–৪৩ বিঘা মাটিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয় স্হাপনৰ বাবে অসম চৰকাৰৰ ৩৩ কোটি টকা আবন্টন

শোণিতপুৰ, ১১ জুন (হি.স.)। শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ ৰাইজৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণৰ পথ প্ৰশস্ত হৈ পৰাত সমষ্টিটোৰ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে । কাৰণ অৱশেষত বিহগুৰি তথা বৃহত্তৰ পশ্চিম তেজপুৰবাসী ৰাইজলৈ আহিল সেই আশাব্যঞ্জক খবৰটো । বিহগুৰি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয়ৰ বাবে অসম চৰকাৰে মুকলি কৰি দিলে ৩৩ কোটি টকা। বৃহত্তৰ বিহগুৰি অঞ্চলৰ কলিতা গাওঁ আৰু নিজ বিহগুৰিৰ ৪৩ বিঘা মাটিক সামৰি গঢ়ি উঠিব লগা চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয়ৰ কামকাজৰ কালি অগ্ৰগতিৰ বুজ লয় বৰছলা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ঋতুবৰণ শৰ্মাই।

উল্লেখ্য যে ,বৰছলা সমষ্টিৰ লগতে বৃহত্তৰ বিহগুৰিবাসী ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান জনায় কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে মোকলাই দিছে ৩৩ কোটি টকা । এই খবৰে স্বাভাৱিকতে আহ্লাদিত কৰি তুলিছে বৃহত্তৰ বিহগুৰি তথা পশ্চিম তেজপুৰবাসী ৰাইজক। উল্লেখ্য যে বৰছলা সমষ্টিত আজিৰ তাৰিখত নাই এখনো পূৰ্ণাংগ মহাবিদ্যালয়। সম্পূৰ্ণ গ্ৰাম্য পটভূমিৰ কৃষিপ্ৰধান অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে তেজপুৰ,ঢেকিয়াজুলি নতুবা ৰঙাপৰালৈ ঢাপলি মেলিব লগা হয়। যাৰ ফলত উচ্চ শিক্ষাৰ এই যাত্ৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছিল শিক্ষাৰ্থী তথা অভিভাৱক সকল অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিহগুৰিৰ সচেতন ৰাইজে ইয়াত এখন মহাবিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰি আহিছিল ।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী সেনানী, অসমৰ জাতীয় জীৱনৰ প্ৰাত:স্মৰণীয় পুৰোধা কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মৃত্যু শতবৰ্ষ অনুষ্ঠান আয়োজন কৰি বিহগুৰিৰ ৰাইজে সেই অনুষ্ঠানলৈ অসমৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ কৰি আনি ৰাজহুৱাভাবে এই দাবী উত্থাপন কৰিছিল। কেৱল ইমানেই নহয়,মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত নিৰ্বাচনৰ বহুকেইখন নিৰ্বাচনী সভাত এই বিষয়ে অৱতাৰণা কৰিছিল। নিৰ্বাচন আহিছিল আৰু গৈছিল, কিন্তু ৰাইজৰ এই সমস্যাটো সমস্যা হৈয়ে ৰৈছিল। অৱশেষত আহিল সেই বহু প্ৰত্যাশিত খবৰ। ৰাজ্য চৰকাৰে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয়ৰ বাবদ মুকলি কৰি দিলে ৩৩ কোটি টকা। যাৰ প্ৰাককলনৰ কাম কাজৰ কালি বুজ লোৱাৰ উদ্দেশ্যে বৰছলা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ঋতুবৰণ শৰ্মা উপস্থিত প্ৰস্তাৱিত মহাবিদ্যালয়ৰ সেই স্থানত।

ইতিমধ্যে বিধায়কগৰাকীয়ে মহাবিদ্যালয় প্ৰস্তুতি সমিতিৰ সভাপতি দৰে গুৰু দায়িত্ব ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় মুৰ পাতি লৈছে । কালি এই পৰিদৰ্শন কালত বিধায়কগৰাকীক সংগ দিয়ে মহাবিদ্যালয় প্ৰস্তুতি সমিতিৰ কাৰ্যকৰী সভাপতি তথা তেজপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্য়ক্ষ ড° জ্যোতিকমল হাজৰিকা, সম্পাদক ত্ৰৈলোক্যমোহন নাথ, বিহগুৰি জিলা পৰিষদৰ সদস্য ৰাকেশ নাথ, মুকুল সূত প্ৰমুখ্যে ভালেসংখ্যক সচেতন ব্যক্তিয়ে । কামৰ অগ্ৰগতিৰ বুজ লৈ বিধায়ক ঋতুবৰণ শৰ্মাই সমষ্টিটোৰ প্ৰথমখন উচ্চ শিক্ষাৰ অনুষ্ঠান অসমৰ জাতীয় জীৱনক নিজৰ কৰ্ম আৰু আদৰ্শেৰে মহিয়ান কৰা স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ নামত হোৱাটো ৰাইজৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি মন্তব্য কৰি অচিৰেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শনেৰে শিক্ষানুষ্ঠানখন ৰাইজৰ প্ৰচণ্ড অনুসৰি আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ৰাইজৰ প্ৰতিনিধি হিচাপে তেওঁ চোকা নজৰ ৰাখিব বুলি মন্তব্য কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande