তিনিচুকীয়াত ১২ জুনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্তীয় বাৰ্ষিক যোজনা বৈঠক
গুৱাহাটী, ১১ জুন(হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক যোজনা বৈঠক কাইলৈ শুকুৰবাৰৰ পৰা ১৪ জুনলৈ তিনিচুকীয়া নগৰৰ বিদ্যাভাৰতী ইন্টাৰনেচনেল স্কুলত তিনিদিনীয়াকৈ অনুষ্ঠিত হব। প্ৰতি বছৰে জুন মাহত অনুষ্ঠিত হৈ অহা এই বৈঠক ৰাষ্ট্ৰীয় স
राष्ट्रीय स्वयंसेवक संघ का लोगो


গুৱাহাটী, ১১ জুন(হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক যোজনা বৈঠক কাইলৈ শুকুৰবাৰৰ পৰা ১৪ জুনলৈ তিনিচুকীয়া নগৰৰ বিদ্যাভাৰতী ইন্টাৰনেচনেল স্কুলত তিনিদিনীয়াকৈ অনুষ্ঠিত হব। প্ৰতি বছৰে জুন মাহত অনুষ্ঠিত হৈ অহা এই বৈঠক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক যোজনাৰ এক নিয়মীয়া বৈঠক বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷

বৈঠকত পূৰ্বৰ বৰ্ষৰ সংঘ কাৰ্যৰ খতিয়ান লোৱাৰ উপৰি আগন্তুক বৰ্ষৰ বাবে যোজনা কার্যসূচী উপস্থাপন কৰা হ'ব ৷ লগতে উপৰোক্ত বিষয় সমূহৰ ওপৰত পৰ্যালোচনাৰ লগতে বিশেষ বিশেষ কামৰ বাবেও যোজনা কৰা হ' ব। উল্লেখ্য, বিজয়া দশমী (দশেৰা) ২০২৫ বৰ্ষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাৰ এশ বছৰ সম্পূৰ্ণ হৈছে৷ এই ক্ষেত্ৰত বিগত বিজয়া দশমী (দশেৰা) অৰ্থাৎ ২ অক্টোবৰ, ২০২৫ বৰ্ষৰ পৰা ২০২৬ বৰ্ষৰ বিজয়া দশমীলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে সাতটা কাৰ্যক্ৰমৰ চাৰিটা কাৰ্যক্ৰম ইতিমধ্যে সমাপ্ত হৈছে ।

বৈঠকত শতবাৰ্ষিকী বৰ্ষৰ কামৰ পৰিসৰ পৰ্যালোচনা কৰাৰ লগতে আগন্তুক বৰ্ষৰ বাবে কাৰ্যক্ৰম আৰু সংঘ কাৰ্য বিস্তাৰৰ পৰিকল্পনা কৰা হ'ব । একে সময়তে, সংঘৰ শাখা সমূহৰ দ্বাৰা প্ৰয়োজনীয় সামাজিক পৰিৱৰ্তনৰ কামকে ধৰি বিশেষকৈ পঞ্চ পৰিৱৰ্তনৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা হ'ব৷ বৈঠকত মুঠ ৮৬০ গৰাকী কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰাৰ কথা বুলি প্ৰচাৰ প্ৰমুখ গৰাকী উল্লেখ কৰিছে ৷

বৈঠকত সংঘ ক্ষেত্ৰৰ উত্তৰ অসম প্ৰান্ত আৰু অসম ক্ষেত্ৰৰ ৭০১ গৰাকী, বিবিধ ক্ষেত্ৰৰ ১৫৯ গৰাকীয়ে অংশগ্ৰহণ কৰিব ৷ ইয়াৰ ভিতৰত ক্ষেত্ৰ, প্ৰান্ত, জিলা আৰু নগৰৰ কাৰ্যকৰ্তা আপেক্ষিত । তদুপৰি, বৈঠকত প্ৰান্তৰ বিবিধ সংগঠনৰ সংগঠন মন্ত্ৰী সকলৰ উপৰি কিছু সংখ্যক নিৰ্বাচিত কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব বুলি প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande