
মাজুলী, ১১ জুন (হি.স.): আধাৰ কাৰ্ড সংগ্ৰহৰ নামত সৃষ্টি হোৱা হুৰাহুৰিয়ে কাঢ়ি নিলে এটি ৬ বছৰীয়া শিশুৰ প্ৰাণ । বিদ্যালয়ৰ জৰুৰী কামৰ বাবে আধাৰ কাৰ্ড বনাবলৈ গৈ যোৱা কালি বুধবাৰে বিয়লি পথ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী কণমানি ছাত্ৰীয়ে । সোণাৰিচাপৰিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা । মৃত ছাত্ৰীগৰাকী মাজুলীৰ শালমাৰিৰ পৱিত্ৰ কুলি আৰু মণি কুলিৰ ছয় বছৰীয়া কন্যা দিশা কুলি বুলি পৰিচয় পোৱা গৈছে ।
জানিব পৰামতে, বিদ্যালয়ৰ পৰা জৰুৰীভাৱে আধাৰ কাৰ্ড জমা দিবলৈ কোৱা হৈছিল । যাৰ বাবে মাক মণি কুলিয়ে প্ৰথমে কনমানি কন্যাক লৈ মাজুলীৰ নতুন বজাৰৰ আধাৰ কেন্দ্ৰলৈ গৈছিল। কিন্তু তাত অত্যধিক ভীৰ হোৱাৰ বাবে আৰু আজিয়েই আধাৰ কাৰ্ড লিংক কৰাৰ অন্তিম দিন বুলি জানিব পাৰি মাক-জীয়েক জৰুৰীভাৱে ঢকুৱাখনালৈ ৰাওনা হৈছিল।
ঢকুৱাখনালৈ যোৱাৰ পথতে সোণাৰিচাপৰিত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । চলন্ত ই-ৰিক্সাৰ পৰা হঠাতে পৰি যায় কণমানি দিশা কুলি। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আধাৰ কাৰ্ডৰ সময়সীমাৰ হেঁচাই কেনেকৈ এটি নিষ্পাপ শিশুৰ জীৱন কাঢ়ি ল’লে, তাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কনমানি ছাত্ৰীগৰাকীৰ মৃত্য়ুত শোকত ভাঙি পৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ