







–ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত ৰবীন্দ্ৰ জয়ন্তীৰ বিশেষ অনুষ্ঠান
–ত্ৰিপুৰাৰ ৰবীন্দ্ৰ সঙ্গীতৰ শিল্পী ,তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বিষয়া পাঞ্চালী সাহাৰ প্ৰতিযোগীক মাৰ্গ দৰ্শন
–ৰবীন্দ্ৰনাথ ঠাকুৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত বিশ্ব বন্দিত শিল্পী -পংকজ বৰুৱা
শোণিতপুৰ, ১১ জুন (হি.স.)। বিশ্ব কবি, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডে ৰাজ্যজুৰি অনুষ্ঠিত কৰিছে কবিগুৰুৰ অমৰ সৃষ্টি ৰবীন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ লগতে ৰবীন্দ্ৰ সঙ্গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা । উল্লেখ্য যে এই প্ৰতিযোগিতাৰ অংশ হিচাপে তেজপুৰত ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ তেজপুৰ সমিতিয়েও যোৱা ৩১ মে' আৰু ১ জুন তাৰিখে দুদিনীয়াকৈ আয়োজন কৰা প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল । তিনিটাকৈ শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ ১৮ গৰাকী বিজয়ী প্ৰতিযোগী ৰাজ্যিক প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাৰ পিছত বুধবাৰে সন্ধিয়া সেই ১৮ গৰাকী বিজয়ী প্ৰতিযোগীক তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত একোখনকৈ স্মাৰকেৰে তেজপুৰ সমিতিয়ে উদ্বুদ্ধ কৰে ।
তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত বিচাৰক হিচাপে উপস্থিত থকা চাৰিগৰাকী ৰবীন্দ্ৰ সঙ্গীত আৰু নৃত্যৰ শিল্পী ক্ৰমে -পাঞ্চালী সাহা, প্ৰণাশা ভৌমিক, প্ৰসেনজিৎ পাল আৰু তাপসী সাহাকো বিশেষভাৱে সন্মান প্ৰদান কৰা হয় । তেজপুৰ সমিতিৰ সমন্বয়ক তথা সাংবাদিক সমীৰ কৰ, সদস্য তথা সংগীতশিল্পী গৌড় মণ্ডলৰ লগতে একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তেজপুৰ সমিতিৰ সদস্য বিশ্বজিৎ বসুৱে আঁত ধৰা অনুষ্ঠানটিত সভাপতিৰ আসনৰ পৰা পংকজ বৰুৱাই তিনিটা শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা ১৮ গৰাকী বিজয়ী প্ৰতিযোগীক একোটাকৈ স্মাৰক প্ৰদান কৰাৰ পিছত আগবঢ়োৱা ভাষণত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ অকল বঙালী সম্প্ৰদায়ৰ বাবেই বা ভাষিক সংখ্যালঘু লোক সকলৰে আদৰ্শ পুৰুষ নহয় সমগ্ৰ বিশ্বৰে প্ৰত্যেক জাতি -জনগোষ্ঠীৰ বাবে বন্দিত এগৰাকী বিশ্ববৰেণ্য শিল্পী বুলি মন্তব্য কৰে ।
ৰবীন্দ্ৰনাথ ঠাকুৰৰ কালজয়ী গীত সমূহৰ মহত্ব আৰু গুৰুত্ব চিৰকাললৈ প্ৰাসংগিক হৈ থাকিব বুলি মন্তব্য কৰি প্ৰতিযোগী সকলক অকল পুৰস্কাৰৰ বাবে নহয় গীত সমূহক শুদ্ধ শৈলীৰে সাধনা লব্ধভাৱে আয়ত্ব কৰিবলৈ আহ্বান জনায় । আনহাতে তেজপুৰ সমিতিৰ সমন্বয়ক সাংবাদিক সমীৰ কৰৰ লগতে সংগীতশিল্পী গৌড় মণ্ডলেও ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত প্ৰতিযোগিতাত বিচাৰকৰ দায়িত্ব পালন কৰা ত্ৰিপুৰা নিবাসী ৰবীন্দ্ৰ সঙ্গীত আৰু ৰবীন্দ্ৰ নৃত্যৰ বিশিষ্ট শিল্পী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বিষয়া পাঞ্চালী সাহাই ৰবীন্দ্ৰ নৃত্যৰ মুদ্ৰাকে ধৰি নৃত্যৰ শৈলী, উপস্থাপন, ভংগীমা আৰু সাজপাৰ কেনে হোৱা উচিত সেই সন্দৰ্ভত নিজে নৃত্যৰ ভঙ্গিমাৰে প্ৰতিযোগী সকলক মাৰ্গ দৰ্শন কৰে ।
উল্লেখ্য তেজপুৰত হোৱা এই প্ৰতিযোগিতাত ৰবীন্দ্ৰ নৃত্যৰ ক শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে -শ্ৰেয়াদিত্য দাস, কাবিয়া ঘোষ আৰু কাশিস তিলকাৰে । সেইদৰে খ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে -দিনিকা সৰকাৰ, অন্বেষা পাল আৰু তনভী ভট্টাচাৰ্য্যই । গ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে -চনিয়া সিং, কেশৱ দাস আৰু একপৰ্ণা মৈত্ৰই । আনহাতে ৰবীন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে -প্ৰতিষ্ঠা বিশ্বকৰ্মা, আয়ুস দে আৰু ঋতিকা আচাৰ্যীয়ে । খ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে -কৃষ্ণা দাস, দীয়া সাহা আৰু সংযুক্তা দত্তই । গ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে -বিদিশা সৰকাৰ, সুস্মিতা সৰকাৰ আৰু জনী সাহাই । অহা কালিৰ পৰা তিনি দিনীয়া ৰাজ্যিক ভিত্তিক ৰবীন্দ্ৰ সংগীত আৰু নৃত্যৰ প্ৰতিযোগিতা গুৱহটী শংকৰ দেব কলাক্ষেত্ৰ অনুষ্ঠিত হ’বলগীয়া বিজয়ী প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ