
কোকৰাঝাৰ, ১১ জুন (হি.স.)। মা মহামায়াৰ আশীষ বিচাৰি পৰ্বতঝোৰাৰ বগৰিবাৰীৰ ঐতিহাসিক শক্তিপীঠ মা মহামায়া মন্দিৰত উপস্থিত নৱ নিযুক্ত কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ। মন্ত্ৰী গৰাকীয়ে মন্দিৰ প্ৰাঙ্গনত উপস্থিত হোৱাত ৰাইজে বিপুল সম্ভৰ্ধনা জনাই আদৰণি জনোৱা পৰিলক্ষিত হয়।
মা মহামায়াৰ চিৰ চৰণত পূজা অৰ্চনা কৰি নেদেখা জনৰ ওচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু ,স্বাস্থ্যবান হৈ থাকক আৰু সকলোৰে মংগল হোৱাৰ কামনাৰে প্ৰাৰ্থনা জনায় মন্ত্ৰী গৰাকীয়ে।
ধুবুৰী জিলা খন পিছ পৰি থকা বুলি সাংবাদিকে মন্ত্ৰী গৰাকীক প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে কয় যে ধুবুৰী জিলা উন্নত নহয় বুলি যি ধাৰণা,এই ধাৰণা সম্পূৰ্ণ ত্যাগ কৰিব লাগে ধুবুৰী জিলাখন বহুত উন্নত হৈছে আৰু এইবাৰ তীব্ৰ গতিত উন্নয়ন ধাৰা হব বুলি মন্তব্য কৰে মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু