
গুৱাহাটী, ১১ জুন (হি.স.)। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পদলৈ শীঘ্ৰে আইনী মৰ্যাদা প্ৰদান কৰা হ‘ব । মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা পদেও লাভ কৰিব আইনী মৰ্যাদা । ইয়াৰ বাবে বিধানসভাৰ সমাগত বাজেট অধিৱেশনত প্ৰয়োজনীয় বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে।
ইতিমধ্যে বিধায়ক তৰংগ গগৈ আৰু কমলকৃষ্ণ তাঁতীক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া হৈছে । পূৰ্বে আইনৰ অধীনত নাছিল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পদ । ইয়াৰ বাবে প্ৰয়োজনীয় অধ্যাদেশ জাৰি কৰে ৰাজ্য চৰকাৰে । লগতে শীঘ্ৰে ইয়াক লৈ প্ৰণয়ন হ'ব নতুন আইন। দিছপুৰৰ শীৰ্ষ সূত্ৰই এই তথ্য জানিবলৈ দিয়ে ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ