দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মোডীক বাঙালী পৰিষদৰ অভিনন্দন
বজালীত বাঙালী পৰিষদৰ সংবাদ মেল।
দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা মোডীক বাঙালী পৰিষদৰ অভিনন্দন


বৰপেটা, ১১ জুন (হি.স.): বজালীত যোৱা কালি বুধবাৰে সন্ধিয়া এক সংবাদ মেল অনুষ্ঠিত কৰি বাঙালী পৰিষদে দেশৰ প্ৰধানমন্ত্ৰীক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে । সংগঠনটোৱে কয় যে, জৱাহৰলাল নেহৰুৰ পিছত দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে ।

ইয়াৰ লগতে সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বজালী অঞ্চলৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় । সংবাদ মেলত সংগঠনটোৱে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ স্বাৰ্থত শীলাদিত্য দেৱক মন্ত্ৰীসভাত স্থান দিয়াৰ দাবীও উত্থাপন কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande