ছিপাঝাৰত এটা পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে ৰাইজক
ছিপাঝাৰত এটা পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে ৰাইজক।
ছিপাঝাৰত এটা পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে ৰাইজক


দৰং, ১১ জুন (হি.স.): ছিপাঝাৰত এটা পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে ৰাইজক । ছিপাঝাৰৰ পাথৰিঘাটৰ পৰা বানেইকুছি সংযোগী পথ। এই পথটোত এতিয়া ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাত । যাৰ বাবে যাতায়ত বিপদাপন্ন হৈছে সাধাৰণ লোকৰ।

পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগিছে স্থানীয় ছাত্ৰ-ছাত্ৰী, বৃদ্ধ লোক, ৰোগী কঢ়িওৱা বাহনৰ লগতে আন আন যাত্ৰী সকলে । সেয়েহে নতুন চৰকাৰৰ দিনত পথৰ দুৰৱস্থাৰ বাবে যি যমৰ যাতনা ভূগি আছে তাৰ পৰা পৰিত্ৰাণ বিচাৰিছে স্থানীয় লোকসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande