পৰ্বতঝোৰাত যাতায়ত ব্যৱস্থা সুচল নোহোৱাৰ বাবে শিক্ষা গ্ৰহণ পৰা বঞ্চিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী
পৰ্বতঝোৰাত যাতায়ত ব্যৱস্থা সুচল নোহোৱাৰ বাবে শিক্ষা গ্ৰহণ পৰা বঞ্চিত হব লগা হৈছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী।
পৰ্বতঝোৰাত যাতায়ত ব্যৱস্থা সুচল নোহোৱাৰ বাবে শিক্ষা গ্ৰহণ পৰা বঞ্চিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী


কোকৰাঝাৰ, ১১ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ মোলানডুবি-ফুলঝোৰা সংযোগী পথ চোৱা যুগ যুগ ধৰি দুৰাৱস্থা হোৱা বাবে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ জনতাই । পথ চোৱা বাৰিষা কালত এজাক বৰষুণতেই পানী জমাহৈ বোকাময়হৈ পৰাৰ ফলত শিক্ষাৰ্থী সকলে যাতায়ত কৰাৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰাৰ লগতে বেমাৰী ৰোগী সকলোক চিকিৎসালয়ত নিয়াৰ বাবে আহিব নোৱাৰে এমবুলেঞ্চ । ইয়াৰ ফলত কান্ধত লৈ, ঠেলা আদিৰে প্ৰায় ৫ কিলোমিটাৰ অনাৰ পিছতহে চিকিৎসালয়ত নিব লগা হয়।

একেদৰে গৰ্ভৱতী মহিলাৰ চিকিৎসালয়লৈ নিব নোৱাৰাৰ বাবে ৰাস্তাতেই প্ৰসৱ হোৱাৰ লগতে মৃত্যু মুখত পৰিব লগা ঘটনাও সংঘটিত হৈছে । উল্লেখ্য যে পথ চোৱাৰ মাজ ভাগত শিলঘাট ঝৰ্ণাৰ ওপৰত দলং নথকাৰ ফলত বাৰিষা কালত বৰষুণ পানীৰ সোঁত প্ৰবল হৈ পৰাৰ বাবে স্থানীয় ৰাইজৰ লগতে শিক্ষাৰ্থী সকলে যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় । আনফালে পথটোৰে তিনিখনকৈ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক পাঠ দান কৰিবলৈ এই ৰাস্তাৰে যাতায়ত কৰিব লগা হয় যদিও ঝৰ্ণাটো প্ৰবল সোঁতৰ বাবে পাৰা পাৰ হব নোৱাৰাত বিদ্যালয় তিনিখনৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হব লগা হয় । এতিয়া স্থানীয় ৰাইজে বিটিচি পৰিষদীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক পথ চোৱা সুচল কৰি দিয়াৰ লগতে ঝৰ্ণাটোৰ ওপৰত এখন পকী দলং নিৰ্মান কৰা দিয়াৰ দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande