
নতুন দিল্লী, ১১ জুন (হি.স.)। কিছুদিনৰ পৰা স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকা তামিল চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা ভাৰতীৰাজাৰ ৮৪ বছৰ বয়সত চেন্নাইত মৃত্যু হয়। তেওঁৰ মৃত্যুৱে ভাৰতীয় চলচ্চিত্ৰ জগতত শোকৰ লহৰ সৃষ্টি কৰিছে, বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক ব্যক্তিয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰেৰণ কৰা বাৰ্তাযোগে ভাৰতীৰাজৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে তেওঁৰ মৃত্যুত গভীৰ দুখজনক। তেওঁ আছিল চিনেমা জগতৰ এক উচ্চ পদস্থ ব্যক্তি, যাৰ কৰ্মই তামিল চিনেমাক গঢ় দিছিল। তেওঁৰ গ্ৰাম্য জীৱনৰ প্ৰাঞ্জল আৰু বাস্তৱসন্মত চিত্ৰণ সদায় স্মৰণীয় হৈ থাকিব। তেওঁ শোকসন্তপ্ত পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰে।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে ভাৰতীৰাজা তেওঁৰ দূৰদৰ্শী কাহিনী কোৱা আৰু গ্ৰাম্য জীৱনৰ বাস্তৱিক চিত্ৰণৰ বাবে পৰিচিত আছিল। তেওঁ তামিল চিনেমাক এক সুকীয়া পৰিচয় দি ভাৰতীয় চিনেমাক বহু স্মৰণীয় ছবিৰে সমৃদ্ধ কৰিছিল। তেওঁৰ অৱদানসমূহে ভৱিষ্যত প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু শিল্পীসকলক অনুপ্ৰাণিত কৰি থাকিব।
কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে ভাৰতীৰাজাৰ মৃত্যুৰ লগে লগে ভাৰতীয় চিনেমাৰ এক অসাধাৰণ অধ্যায়ৰ অন্ত পৰিল। সাধাৰণ মানুহৰ জীৱন, আকাংক্ষা, আৱেগক ডাঙৰ পৰ্দাত শক্তিশালীভাৱে চিত্ৰিত কৰি তেওঁ গল্প কোৱা কলাক পুনৰ সংজ্ঞায়িত কৰিছিল। প্ৰয়াত পৰিচালকৰ পৰিয়াল, সহকৰ্মী, অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবিনে ভাৰতীৰাজাৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে তেওঁ নিজৰ ছবিৰ জৰিয়তে গ্ৰাম্য জীৱন আৰু মানৱীয় আৱেগক শক্তিশালীভাৱে চিত্ৰিত কৰিছে। চলচ্চিত্ৰ জগতত নতুন প্ৰতিভাক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
উল্লেখযোগ্য যে ভাৰতীৰাজৰ জন্ম হৈছিল ১৯৪১ চনৰ ১৭ জুলাইত তামিলনাডুৰ থেনি জিলাৰ আল্লী নগৰম গাঁৱত। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল পেৰিয়া মায়াথেৱৰ আৰু মীনাক্ষী আম্মাল। তেওঁৰ প্ৰকৃত নাম আছিল চিন্নাসামী, কিন্তু পাছলৈ তেওঁ ভাৰতীৰাজ নামেৰে পৰিচিত হৈছিল। তেওঁৰ প্ৰথমখন ছবি আছিল ১৬ বায়থিনিলে। তেওঁ প্ৰায় ৪৪খন ছবি পৰিচালনা কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া