নুমলীগড় ৰজাবাৰীৰ বিধ্বস্ত পথে অসুবিধাত পেলাইছে জনসাধাৰণক
গোলাঘাট, ১১ জুন (হি.স.)। নুমলীগড়ৰ ৰজাবাৰীৰ এটি বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে জনসাধাৰণক। নুমলীগড় শোধনাগাৰৰ গাতে লাগি থকা ৰজাবাৰী ৰাজপথৰ জৰাজীৰ্ণ অৱস্থা। বাৰিষা বৰষুণৰ বতৰ আহিলেই পথটোত একাঁঠু পৰ্যন্ত পানী গোট খায়। যাৰ ফলত যমৰ যন্ত্ৰণা ভুগিব লগা
নুমলীগড় ৰজাবাৰীৰ বিধ্বস্ত পথে অসুবিধাত পেলাইছে জনসাধাৰণক


গোলাঘাট, ১১ জুন (হি.স.)। নুমলীগড়ৰ ৰজাবাৰীৰ এটি বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে জনসাধাৰণক।

নুমলীগড় শোধনাগাৰৰ গাতে লাগি থকা ৰজাবাৰী ৰাজপথৰ জৰাজীৰ্ণ অৱস্থা। বাৰিষা বৰষুণৰ বতৰ আহিলেই পথটোত একাঁঠু পৰ্যন্ত পানী গোট খায়। যাৰ ফলত যমৰ যন্ত্ৰণা ভুগিব লগা হয় ছাত্ৰ-ছাত্ৰী, ৰোগী তথা পথটোৰে আহযাহ কৰা গাঁওবাসীয়ে।

কিন্তু, বহু আবেদন নিবেদনৰ পিছতো কাণসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ।ৰাইজে জিলা প্ৰশাসন স্থানীয় পৌৰসভা আৰু বিধায়ক গৰাকীক আহ্বান জনাইচে শীঘ্ৰে পথটো যাতে মেৰামতি কৰি দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande