বিশাখাপট্টনম ষ্টীল প্লাণ্টৰ দুৰ্ঘটনাক লৈ অন্ধ্ৰ চৰকাৰলৈ মানৱ অধিকাৰ আয়োগৰ জাননী জাৰি
নতুন দিল্লী, ১১ জুন (হি.স.)। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অন্ধ্ৰ প্ৰদেশৰ ৰাষ্ট্ৰীয় ইছপাত নিগম লিমিটেডৰ বিশাখাপট্টনম তীখা প্লাণ্টত সংঘটিত হোৱা দুৰ্ঘটনাৰ সন্দৰ্ভত বিশেষ সচেতনতা গ্ৰহণ কৰিছে। যোৱা ৮ জুন সোমবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাত ৮ জন শ্ৰমিক নি
विशाखापट्टन में  हुई दुर्घटना (फाइल फोटो)


নতুন দিল্লী, ১১ জুন (হি.স.)। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অন্ধ্ৰ প্ৰদেশৰ ৰাষ্ট্ৰীয় ইছপাত নিগম লিমিটেডৰ বিশাখাপট্টনম তীখা প্লাণ্টত সংঘটিত হোৱা দুৰ্ঘটনাৰ সন্দৰ্ভত বিশেষ সচেতনতা গ্ৰহণ কৰিছে। যোৱা ৮ জুন সোমবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাত ৮ জন শ্ৰমিক নিহত হোৱাৰ লগতে আন ৬ জন গুৰুতৰভাৱে আহত হয়। মানৱ অধিকাৰ আয়োগে ৰাজ্যখনৰ মুখ্য সচিবক জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত বিশদ প্ৰতিবেদন বিচাৰিছে।

আয়োগৰ তথ্য অনুসৰি শ্ৰমিক সংঘই এই ঘটনাৰ সন্দৰ্ভত মেনেজমেণ্টে সুৰক্ষাৰ নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে। আহত শ্ৰমিকসকলৰ স্বাস্থ্য আৰু তেওঁলোকক আৰু মৃতকৰ পৰিয়ালক দিয়া এক্স-গ্ৰেচিয়া পেমেণ্টৰ সবিশেষ তথ্য সন্নিবিষ্ট কৰিবলৈ আয়োগে প্ৰতিবেদনত নিৰ্দেশ দিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande