জটিল ৰূগত আক্ৰান্ত এজন ছাত্ৰৰ আধাতেই শিক্ষা সামৰি বিচনাতেই দিন ৰাতি অতিবাহিত
এজন ছাত্ৰই আধাতেই শিক্ষা সামৰি এক জটিল ৰূগত আক্ৰান্ত হৈ বিচনাতেই শুই শুই দিন পাৰ কৰিছে।
জটিল ৰূগত আক্ৰান্ত এজন ছাত্ৰৰ আধাতেই শিক্ষা সামৰি বিচনাতেই দিন ৰাতি অতিবাহিত


শিৱসাগৰ, ১১ জুন (হি.স.): হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনিটাকৈ বিষয়ত লেটাৰমাৰ্ক পাই উৰ্ত্তীণ হোৱা এজন ছাত্ৰই আধাতেই শিক্ষা সামৰি এক জটিল ৰূগত আক্ৰান্ত হৈ বিচনাতেই শুই শুই দিন পাৰ কৰিছে । আমগুৰিৰ নামতি চাৰি আলি খনিকৰ গাঁৱৰ মুকুন্দ মাধৱ নামৰ ছাত্ৰজন প্ৰায় ১৪ বছৰ ধৰি দুৰাৰোগ্য ৰূগত আক্ৰান্ত হৈ বিচনাতে দিন অতিবাহিত কৰি আহিছে ।

উল্লেখ্য যে মুকুন্দ মাধৱে ২০১২ চনৰ পৰা ২০২০ চনলৈকে এল'পেথিক চিকিৎসা কৰাৰ পিছতেই ২০২০ চনৰ পৰা ২০২৫ চনলৈকে আয়ুৰ্বেদিক চিকিৎসা লয় । মাহিলি ২২ হাজাৰ পৰা ২৫ হাজাৰ টকাৰ প্ৰয়োজন হয় ঔষধ ক্ৰয়ৰ বাবে । পুত্ৰৰ চিকিৎসা আৰু ঔষধ ক্ৰয় কৰি সৰ্বস্বান্ত হৈ পৰিছে পিতৃ মাতৃ । মাটি সম্পত্তিৰ লগতে সোণৰ গহনা বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটো । মাহিলি ২২ ৰ পৰা ২৫ হাজাৰ টকাৰ ঔষধ ক্ৰয় কৰিবলৈ সমস্যাত পৰিছে মুকুন্দ মাধৱ খনিকৰৰ লগতে পৰিয়ালটি । মাহিলি ধাৰ্য কৰি দিয়া ঔষধ খোৱা পলম হলেই স্বাস্থ্যৰ অৱনতি ঘটে মুকুন্দ মাধৱৰ।

ইফালে ঔষধ ক্ৰয়ৰ বাবে আৰ্থিক অভাৱত পৰিছে মুকুন্দ মাধৱ । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা এক স্থায়ী সমাধান বিচাৰিছে মুকুন্দ মাধৱে । কোনো সদাশয় লোকে মুকুন্দ মাধৱক অকণমান সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ৮৪৭১৯ ১৮৩০৪ এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ভূক্তভোগীজনে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande