ফকিৰাগ্ৰাম পৌৰসভাৰ পদাধিকাৰ সদস্য হিচাপে বিধায়ক ৰূপম চন্দ্ৰ ৰায়ৰ শপতগ্ৰহণ
ফকিৰাগ্ৰাম পৌৰসভাৰ পদাধিকাৰ সদস্য হিচাপে বিধায়ক ৰূপম চন্দ্ৰ ৰায়ৰ শপতগ্ৰহণ
ফকিৰাগ্ৰাম পৌৰসভাৰ পদাধিকাৰ সদস্য হিচাপে বিধায়ক ৰূপম চন্দ্ৰ ৰায়ৰ শপতগ্ৰহণ


কোকৰাঝাৰ, ১১ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৌৰসভাৰ পদাধিকাৰ সদস্য হিচাপে ৪ নং বাওখুংগ্ৰী বিধানসভা সমষ্টিৰ বিধায়ক ৰূপম চন্দ্ৰ ৰায়ে যোৱা কালি বুধবাৰে বিয়লি আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিভিন্ন বিশিষ্ট ব্যক্তি, জনপ্ৰতিনিধি, সমাজকৰ্মী আৰু শুভাকাংক্ষীসকলৰ সজীৱ উপস্থিতিয়ে অনুষ্ঠানটোক বিশেষ তাৎপৰ্য প্ৰদান কৰে।

শপতগ্ৰহণ অনুষ্ঠানত নৱনিৰ্বাচিত বিধায়ক ৰূপম চন্দ্ৰ ৰায়ক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উপস্থিত অতিথিসকলে তেখেতলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ লগতে নতুন দায়িত্ব নিষ্ঠা, স্বচ্ছতা আৰু জনসেৱাৰ মনোভাৱেৰে সুচাৰুৰূপে পালন কৰাৰ আশা ব্যক্ত কৰে।

বিটিচিৰ কাৰ্যবাহী সদস্য (EM) কৰ্মেশ্বৰ ৰায় , স্থানীয় পাৰিষদ এজামুল হক আৰু ফকিৰাগ্ৰাম পৌৰসভাৰ পৌৰপতি সুলতান আলমৰ লগত ফকিৰাগ্ৰাম পৌৰসভাৰ উপ পৌৰপতি প্ৰনব শৰ্মাৰ লগতে প্ৰতিগৰাকী ৱাৰ্ড কনিচনাৰ উপস্থিতিত অনুষ্ঠিত সভাত অঞ্চলটোৰ সৰ্বাংগীন উন্নয়ন, জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ, নাগৰিক সুবিধাৰ সম্প্ৰসাৰণ আৰু উন্নয়নমূলক আঁচনিসমূহ অধিক ফলপ্ৰসূভাৱে ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

সভাত বক্তাসকলে মত প্ৰকাশ কৰে যে, বিধায়ক ৰূপম চন্দ্ৰ ৰায়, বিটিচি কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায় আৰু স্থানীয় পাৰিষদ এজামুল হকৰ সমন্বিত নেতৃত্বত ফকিৰাগ্ৰাম পৌৰসভা এলেকাৰ লগতে সমগ্ৰ বাওখুংগ্ৰী বিধানসভা সমষ্টিত উন্নয়নৰ নতুন দিগন্ত উন্মোচিত হ'ব। তেওঁলোকে জনমুখী শাসন ব্যৱস্থা আৰু সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত এই নেতৃত্বই ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande