প্ৰধানমন্ত্ৰীয়ে জি-৭ৰ অংশীদাৰ দেশসমূহৰ সৈতে দ্বিপাক্ষিক বৈঠক আৰু আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়
নতুন দিল্লী, ১১ জুন (হি..)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুনৰ পৰা ১৮ জুনলৈ ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণ কৰিব আৰু এই সময়ছোৱাত তেওঁ বিশ্বৰ সাতখন বৃহত্তম অৰ্থনীতিক প্ৰতিনিধিত্ব কৰা জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়
G7 countries


নতুন দিল্লী, ১১ জুন (হি..)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুনৰ পৰা ১৮ জুনলৈ ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণ কৰিব আৰু এই সময়ছোৱাত তেওঁ বিশ্বৰ সাতখন বৃহত্তম অৰ্থনীতিক প্ৰতিনিধিত্ব কৰা জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিম পৰিক্ৰমা সচিব ছিবি জৰ্জে কয় যে ফ্ৰান্সৰ ইভিয়ানত ১৫ জুনৰ পৰা ১৭ জুনলৈ জি-৭ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে। ১৬ আৰু ১৭ জুনত জি-৭ শীৰ্ষ সন্মিলনৰ আউটৰিচ অধিবেশনৰ কথা। আন আন আমন্ত্ৰিত দেশৰ লগতে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ভাৰতক অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। জি-৭ শীৰ্ষ সন্মিলনত ভাৰতৰ এয়া ত্ৰয়োদশ সংখ্যক অংশগ্ৰহণ, আৰু প্ৰধানমন্ত্ৰী মোদীয়ে একেৰাহে সপ্তমবাৰৰ বাবে এই সন্মিলনত অংশগ্ৰহণ কৰিব।

জৰ্জে কয়, ভাৰতক এই বছৰ জি-৭ৰ কেইবাখনো বৈঠক আৰু অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। চলিত বৰ্ষৰ আৰম্ভণিতে পেৰিছত অনুষ্ঠিত হোৱা জি-৭ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জি-৭ দেশ, অংশীদাৰ দেশ, আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতেও দ্বিপাক্ষিক বৈঠক আৰু পাৰস্পৰিক ক্ৰিয়া-কলাপ অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ফ্ৰান্সৰ তিনিখন চহৰ—নাইচ, ইভিয়ান আৰু পেৰিছ—আৰু শ্লোভাকিয়াক সামৰি ল’ব। প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া ৫২ সংখ্যক জি-৭ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

ছিবি জৰ্জে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে ১৪ জুনৰ পৰা ১৬ জুনলৈ শ্লোভাকিয়ালৈ ৰাজ্যিক ভ্ৰমণ গ্ৰহণ কৰিব।১৯৯৩ চনত শ্লোভাকিয়াৰ স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত বাণিজ্য, বিনিয়োগ, পৰিবহণ, নবীকৰণযোগ্য শক্তি, উদীয়মান প্ৰযুক্তি, আৰু প্ৰতিৰক্ষা উৎপাদন আদি ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰত আলোচনা হ’ব। প্ৰধানমন্ত্ৰীয়ে শ্লোভাক ব্যৱসায়িক সমাজৰ সৈতেও মত বিনিময় কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব পিযুষ শ্ৰীবাস্তৱে কয় যে প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ নাইচত ভ্ৰমণ আৰম্ভ কৰিব। তাত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে বিস্তৃত আলোচনাত মিলিত হ’ব, দ্বিপাক্ষিক সম্পৰ্কৰ লগতে আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো আলোচনা কৰিব। লগতে দুয়োগৰাকী নেতাই যৌথভাৱে উদ্বোধন কৰিব ইণ্ডিয়া ইনোভেটছ পদক্ষেপ, যিটো ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু বিশ্বজুৰি প্ৰদৰ্শনৰ মঞ্চ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande