মণিপুৰত ছয়জন নগা সাধাৰণ নাগৰিকৰ হত্যাকাণ্ডৰ নিয়াৰ তদন্তৰ দায়িত্ব গ্ৰহণ, আৰম্ভ ফৰেনছিক তদন্ত
ইম্ফল, ১১ জুন (হি.স.)। মণিপুৰত নিৰুদ্দেশ হৈ মৃত অৱস্থাত উদ্ধাৰ হোৱা ছয়জন নগা সাধাৰণ নাগৰিকৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব লৈছে ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এনআইএ)ই। বিষয়টো উন্মোচন আৰু মৃত লোকজনৰ পৰিচয় নিশ্চিত কৰাৰ বাবে সংস্থাটোৱে এক বিস্তৃত ফৰেনছিক তদ
Image of the Six Naga Civilians Body.


ইম্ফল, ১১ জুন (হি.স.)। মণিপুৰত নিৰুদ্দেশ হৈ মৃত অৱস্থাত উদ্ধাৰ হোৱা ছয়জন নগা সাধাৰণ নাগৰিকৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব লৈছে ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এনআইএ)ই। বিষয়টো উন্মোচন আৰু মৃত লোকজনৰ পৰিচয় নিশ্চিত কৰাৰ বাবে সংস্থাটোৱে এক বিস্তৃত ফৰেনছিক তদন্ত আৰম্ভ কৰিছে।

নিহত কেইজন হৈছে পাষ্টৰ কেনপিবৌ চাৱাং, মানু থিউমাই, ফেনৰংভিবো থিউমাই, দিলীপ থিউমাই, কালিৱাংবৌ আবনমাই, আৰু চা ফেনৰিলুং। আটাইকেইজনেই আছিল কনচাখুল নগা গাঁৱৰ বাসিন্দা। খবৰ অনুসৰি যোৱা ১৩ মে’ত লেলন ভাইফেই অঞ্চলৰ পৰা এই ছয়জন ব্যক্তিক অপহৰণ কৰা হৈছিল।

প্ৰায় এমাহজোৰা তালাচী অভিযান আৰু ২৪ ঘণ্টাৰ যৌথ অনুসন্ধান অভিযানৰ অন্তত মণিপুৰ আৰক্ষী, অসম ৰাইফলছ, আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ প্ৰায় ৪৫০ জনীয়া এটা দলে কাংপোকপি জিলাৰ খাৰাম বৈফেই গাঁৱৰ সমীপত মৃতদেহ উদ্ধাৰ কৰে।

বিষয়াসকলৰ মতে, মৃতদেহবোৰ অতি গেলি পচি যোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ বাবে চিনাক্ত কৰাটো অসম্ভৱ হৈ পৰিছে। ইয়াৰ পিছতে ইম্ফল ইষ্টৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ (জেএনআইএমএছ) মৰ্গত উপস্থিত হয় এন আই এৰ বিশেষ দল। বৰ্তমান সংস্থাটোৱে প্ৰমাণ সংগ্ৰহ কৰি ডি এন এ পৰীক্ষা আৰু বিশদ মৰণোত্তৰ পৰীক্ষাৰ জৰিয়তে মৃত লোকজনৰ পৰিচয় নিশ্চিত কৰি আছে।

ইফালে, জেএনআইএমএছলৈ মৃতদেহ অনাৰ পিছত ইম্ফলত উত্তেজনাৰ সৃষ্টি হয়। চিকিৎসালয়ৰ চৌহদৰ বাহিৰত পৰিয়ালৰ লোক, সমাজৰ সদস্য, স্থানীয় নাগৰিকৰ বৃহৎ সংখ্যক লোক সমবেত হয়। শোক আৰু ক্ষোভৰ ঢৌৰ মাজতে প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰে। এই ঘটনাত কেইবাজনো সাধাৰণ নাগৰিক আৰু নিৰাপত্তাৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে।

নগা গোটে ১৪ জন কুকী পণবন্দীক মুকলি কৰি দিয়াৰ এদিন পিছতে এই ঘটনা সংঘটিত হৈছে। ইয়াৰ ফলত মণিপুৰৰ পাহাৰীয়া অঞ্চলত বিভিন্ন জনগোষ্ঠীৰ মাজত পুনৰ হিংসা আৰু প্ৰতিশোধৰ আশংকা বৃদ্ধি পাইছে। পৰিস্থিতিৰ পোহৰত ইম্ফল ইষ্টকে ধৰি আশে-পাশে থকা স্পৰ্শকাতৰ জিলাসমূহত নিৰাপত্তা কটকটীয়া কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande