ডিমৰীয়াৰ ক্ষেত্ৰী উৰণ সেঁতুত দুখন ট্ৰাকৰ মাজত সংঘৰ্ষ
গুৱাহাটী, ১১ জুন (হি.স.)। ডিমৰীয়াৰ ক্ষেত্ৰী উৰণ সেঁতুত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত উঠিল সামগ্ৰী কঢ়িওৱা ট্ৰাক। কথমপি প্ৰাণ ৰক্ষা চালক-পৰিচালকৰ। গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখে একেদিশে গৈ থকা ৰন্ধন গেছৰ চিলিণ্
ডিমৰীয়াৰ ক্ষেত্ৰী উৰণ সেঁতুত ভয়ংকৰ পথ দুৰ্ঘটনা


ডিমৰীয়াৰ ক্ষেত্ৰী উৰণ সেঁতুত ভয়ংকৰ পথ দুৰ্ঘটনা


গুৱাহাটী, ১১ জুন (হি.স.)। ডিমৰীয়াৰ ক্ষেত্ৰী উৰণ সেঁতুত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত উঠিল সামগ্ৰী কঢ়িওৱা ট্ৰাক। কথমপি প্ৰাণ ৰক্ষা চালক-পৰিচালকৰ। গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখে একেদিশে গৈ থকা ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন ট্ৰাকত আন এখন চিমেণ্ট ভৰ্তি ট্ৰাকে প্ৰচণ্ডজোৰে খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো।

প্ৰচণ্ড খুন্দাত চিলিণ্ডাৰ সমূহ চেদেলি ভেদেলী হয় যদিও বিস্ফোৰণ নোহোৱা বাবে সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে অঞ্চলবাসী। ঘটনাস্থলীত উপস্থিত ক্ষেত্ৰী যান-বাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰি ঘাইপথৰ পৰা বাহন দুখন আঁতৰোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande