কলগাছিয়াৰ শওঁপুৰত ৩০ কোটি টকাৰে নৱনিৰ্মীত আদৰ্শ বিদ্যালয় গৃহ মুকলি নহল
বৰপেটা, ১১ জুন (হি.স.)। কলগাছিয়াৰ শওঁপুৰত ৩০ কোটি টকাৰে নৱনিৰ্মীত আদৰ্শ বিদ্যালয় গৃহ বৰ্তমান ভুত বাংলাত পৰিণত হৈছে। গৰু ছাগলীৰ চৰনীয়া পথাৰ ৷ ২০২১ চনত আধাৰশিলা স্থাপন কৰা আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ ৫ বছৰ অতিক্ৰম কৰাৰ পিছতো পাঠদান
কলগাছিয়াৰ শওঁপুৰত ৩০ কোটি টকাৰে নৱনিৰ্মীত আদৰ্শ বিদ্যালয় গৃহ মুকলি নহল


বৰপেটা, ১১ জুন (হি.স.)। কলগাছিয়াৰ শওঁপুৰত ৩০ কোটি টকাৰে নৱনিৰ্মীত আদৰ্শ বিদ্যালয় গৃহ বৰ্তমান ভুত বাংলাত পৰিণত হৈছে। গৰু ছাগলীৰ চৰনীয়া পথাৰ ৷ ২০২১ চনত আধাৰশিলা স্থাপন কৰা আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ ৫ বছৰ অতিক্ৰম কৰাৰ পিছতো পাঠদান প্ৰক্ৰিয়া আৰম্ভ নোহোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ছাত্ৰ ছাত্ৰীৰ আৱাস গৃহ আদি কৰি বিদ্যালয়ৰ চাৰিও দিশে বৰ্তমান ভুত বাংলাত পৰিনত হৈছে ৷ কিন্ত কাম সমাপ্ত হোৱাৰ ৫ বছৰ অতিক্ৰম হোৱাৰ পিছতো বিদ্যালয় খনত আৰম্ভ নহল পাঠদান ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কামনা কৰি সোনকালে বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰাৰ বাবে দাবী জনাইছে সচেতন মহলে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande