
বৰপেটা, ১১ জুন (হি.স.)। কলগাছিয়াৰ দেউকুৰা ৰিয়াজ বজাৰত বিশাল অজগৰ সাপ উদ্ধাৰ। প্ৰায় ৮ ফুট দীঘল প্ৰকাণ্ড অজগৰ সাপডাল উদ্ধাৰ কৰে ৰাইজে। সাপৰ আতংকত শংকিত অঞ্চলটোৰ ৰাইজ।
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেউকুৰা গাঁৱৰ ৰিয়াজ বজাৰত স্থানীয় ৰাইজে এডাল প্ৰকাণ্ড অজগৰ সাপ প্ৰত্য়ক্ষ কৰি প্ৰথমে চিঞৰ বাখৰ কৰে। পিছত একাংশ সাহসী অতুৎসাহী যুৱকে সাপডাল উদ্ধাৰ কৰিব সক্ষম হয়। পথৰ কাষতে থকা খেতিৰ মাজত ঘূৰি ফুৰি থকা অৱস্থাত উদ্ধাৰ কৰে অজগৰ সাপডাল।
লগে লগে বৰপেটা ৰোড বন বিভাগক খবৰ দিয়ে যদিও কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন হৈছে। ইফালে কলগাছিয়া আৰক্ষীয়েও অজগৰ সাপডাল গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে উদ্ধাৰকাৰী যুৱকে। সেয়ে শীঘ্ৰে বৰপেটা বন বিভাগে অজগৰ সাপডাল কলগাছিয়াৰ পৰা উদ্ধাৰ কৰি মানাহ অভয়াৰণ্যত লৈ যাবলৈ দাবী জনাইছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু