কলগাছিয়াত অচিন ৰোগত আক্ৰান্ত পশুধন
বৰপেটা, ১১ জুন (হি.স.)। কলগাছিয়াত অচিন ৰোগত আক্ৰান্ত পশুধন ৷ গো পালক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ৷ চিকিৎসাৰ অভাৱত বহু গৰুৰ মৃত্যু ৷ কুম্ভকৰ্ণ নিন্দ্ৰাত পশু চিকিৎসা বিভাগ ৷ বৰপেটা জিলাৰ কলগাছিয়া অঞ্চলৰ বহু গাৱত গো পালক সকলৰ মাজত তীব্ৰ হাহাক
কলগাছিয়াত অচিন ৰোগত আক্ৰান্ত পশুধন


বৰপেটা, ১১ জুন (হি.স.)। কলগাছিয়াত অচিন ৰোগত আক্ৰান্ত পশুধন ৷ গো পালক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ৷ চিকিৎসাৰ অভাৱত বহু গৰুৰ মৃত্যু ৷ কুম্ভকৰ্ণ নিন্দ্ৰাত পশু চিকিৎসা বিভাগ ৷ বৰপেটা জিলাৰ কলগাছিয়া অঞ্চলৰ বহু গাৱত গো পালক সকলৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে ৷ বিগত কিছুদিন ধৰি বহু গৰু মৃত্যুৰ মুখত পৰাৰ লগতে শ শ গৰু অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুজি আছে ৷

যাৰ ফল স্বৰূপে গো পালক সকল চিন্তিত হৈ পৰিছে ৷ গৰুৰ বেমাৰ গো পালক সকলে বৰ্তমানলৈকে ধৰিব পৰা নাই যদিও একাংশ লোকে ইয়াক লাম্ফি আৰু চবকা বেমাৰ বুলি ধাৰণা কৰিছে ৷ মুৰৰ গাম মাটিত পেলাই গো পালক সকলে গৰু লালন পালন কৰি গাখীৰ উৎপাদন কৰাৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সমুখীন হবলগীয়া হৈছে৷ এইক্ষেত্ৰত পশু চিকিৎসা বিভাগে কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হোৱাৰ লগতে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি জানিব পৰা গৈছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande