হজৰত মহম্মদৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত কলগাছিয়াত আমছুৰ এক ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী
বৰপেটা, ১১ জুন (হি.স.)। ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ নবী হজৰত মহম্মদৰ বিৰুদ্ধে সামাজিক মাধ্যমত একাংশই বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত আজি কলগাছিয়াত আমছুৱে এক ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কলগাছিয়
হজৰত মহম্মদৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত কলগাছিয়াত আমছুৰ এক ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী


বৰপেটা, ১১ জুন (হি.স.)। ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ নবী হজৰত মহম্মদৰ বিৰুদ্ধে সামাজিক মাধ্যমত একাংশই বিৰূপ মন্তব্য কৰাৰ প্ৰতিবাদত আজি কলগাছিয়াত আমছুৱে এক ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কলগাছিয়া জিলা সমিতিৰ উদ্যোগত কলগাছিয়া চাৰিআলিত ৰূপায়ণ কৰে উক্ত প্ৰতিবাদী মানব শৃংখল কাৰ্যসূচী।

সামাজিক মাধ্যমত নবী হজৰত মহম্মদ (ছা:) সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যৰ বাবে হীৰেণ হিন্দু অসম আৰু ৰূপা কলিতাক গ্ৰেপ্তাৰৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে নবী হজৰত মহম্মদ (ছাঃ) ক অপমান কৰা নচলিব, দুস্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

শেষত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande