বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা কৰ্তৃপক্ষৰ তৎপৰতা
কাজিৰঙা, ১১ জুন (হি.স.)। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত বৃদ্ধি পাইছে তৎপৰতা। সষ্টম হৈ উঠিছে প্ৰতিটো বিভাগ ৷ বান পৰিস্থিতিৰ বাবে সাজু হৈ পৰিছে কহঁৰাস্থিত ৰাজ্যিক পশু চিকিৎসালয় ৷ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি চিকিৎসালয়খনে মুকলি কৰে
বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা কৰ্তৃপক্ষৰ তৎপৰতা


কাজিৰঙা, ১১ জুন (হি.স.)। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত বৃদ্ধি পাইছে তৎপৰতা। সষ্টম হৈ উঠিছে প্ৰতিটো বিভাগ ৷ বান পৰিস্থিতিৰ বাবে সাজু হৈ পৰিছে কহঁৰাস্থিত ৰাজ্যিক পশু চিকিৎসালয় ৷ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি চিকিৎসালয়খনে মুকলি কৰে হেল্পলাইন নম্বৰ,সাজু কৰি ৰাখিছে বিশেষ বাহন ৷ বিপদত পৰা বন্যপ্ৰাণী দেখিলেই মুকলি কৰা ১৯৬২ হেল্পলাইন নম্বৰত ফোন কৰিলেই আৰ্ত জীৱকুলৰ ওচৰত থিয় হব পশুধন সাৰথি ৷

এইক্ষেত্ৰত চিকিৎসক, বিশ্বজিৎ বৰুৱাই আশা কৰিছে ৰাইজৰ সহযোগিতা ৷ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নৱতম সংযোজন পশুধন সাৰথিয়ে বানৰ সময়ছোৱাত আগবঢ়াব সেৱা ৷ বাহনখনত নিয়োজিত কৰা হৈছে এজন চিকিৎসক ৷ যিগৰাকী চিকিৎসকে আৰ্তজীৱকুলক ঠাইতে চিকিৎসা আগবঢ়াব পৰাকে সম্পুৰ্ণ সাজু হৈ পৰিছে ৷ সমান্তৰালকৈ বিপদত পৰা বন্যপ্ৰাণী দেখিলেই উদ্ধাৰৰ ক্ষেত্ৰত ৰাইজে নিজে চেষ্টা নকৰি বন বিভাগ,পশু চিকিৎসা বিভাগক খৱৰ দিয়াৰ আহ্বান চিকিৎসকগৰাকীৰ ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande