মণিপুৰৰ পাহাৰীয়া অঞ্চলত যৌথ অভিযানঃ আটক আৰু নিৰস্ত্ৰ ৮ জন সশস্ত্ৰ ব্যক্তি
ইম্ফল, ১১ জুন (হি.স.): শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা সংস্থাসমূহে চোৰাংচোৱাৰ তথ্য লাভ কৰে যে একাংশ সশস্ত্ৰ ব্যক্তিয়ে পাহাৰীয়া অঞ্চলটোৰ বিচ্ছিন্ন গাঁওসমূহত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। এই তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে হোৰেই কাফুং
मणिपुर में चलाए जा रहे संयुक्त अभियान में जब्त हथियार और विस्फोटकों की तस्वीरें।


ইম্ফল, ১১ জুন (হি.স.): শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা সংস্থাসমূহে চোৰাংচোৱাৰ তথ্য লাভ কৰে যে একাংশ সশস্ত্ৰ ব্যক্তিয়ে পাহাৰীয়া অঞ্চলটোৰ বিচ্ছিন্ন গাঁওসমূহত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। এই তথ্যৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে হোৰেই কাফুং পাহাৰ (লোয়াৰ লেইছান ৰিজ) এলেকাত যৌথ অনুসন্ধান আৰু কম্বিং অভিযান আৰম্ভ কৰে।

মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে আজি প্ৰদান কৰা তথ্য অনুসৰি এই অভিযানৰ সময়ত প্ৰায় এক ডজন অস্ত্ৰধাৰী ব্যক্তিক পাহাৰৰ শিখৰত দেখা গৈছিল। কিছুমানে নিৰাপত্তা বাহিনীক দেখা পাই পলায়ন কৰাৰ বিপৰীতে আঠজন ব্যক্তিক আটক কৰি তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হয়। সোধা-পোছাৰ অন্তত কঠোৰ সতৰ্কবাণী দি মুকলি কৰি দিয়া হয়। নিৰাপত্তা বাহিনীয়ে তেওঁলোকক ভৱিষ্যতে পাহাৰীয়া অঞ্চললৈ অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই নিব নালাগে আৰু কোনো ধৰণৰ নিষিদ্ধ কাম-কাজৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।

এই অভিযানৰ সময়ত পাহাৰৰ শিখৰত থকা অবৈধ বাংকাৰৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, যুদ্ধৰ দৰে সামগ্ৰীও উদ্ধাৰ কৰা হয়।

নিৰাপত্তা বাহিনীয়ে উল্লেখ কৰিছে যে এনে অভিযানে ক্ষতিগ্ৰস্ত অঞ্চল আৰু গাঁৱৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে শান্তি বজাই ৰাখিব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande