আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰে উজ্বলিল জামুগুৰিহাটৰ প্ৰাচুৰ্য্য গাৰ্গ,ইটালি আৰু পোলেণ্ডত চৰকাৰী খৰচত অধ্যয়নৰ সুবিধা লাভ
শোণিতপুৰ, ১১ জুন (হি.স.)। জামুগুৰিহাটৰ দিকৰাই চাহ বাগিচাত কৰ্মৰত নিপুৰ্ব ভট্ৰাচাৰ্য আৰু নমিতা ভট্ৰাচাৰ্যৰ একমাত্ৰ সন্তান প্ৰাচুৰ্য্য গাৰ্গে বায়ো আৰু ফাৰ্মাচিউটিকেল মেটেৰিয়েল চায়েঞ্চ বিষয়ত ইউৰিপিয়ান মাৰ্ষ্টাৰচৰ সুবিধা লাভ কৰাত উৎফুল্লিত হৈ পৰা দেখা
আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিৰে উজ্বলিল জামুগুৰিহাটৰ প্ৰাচুৰ্য্য গাৰ্গ,ইটালি আৰু পোলেণ্ডত চৰকাৰী খৰচত অধ্যয়নৰ সুবিধা লাভ


শোণিতপুৰ, ১১ জুন (হি.স.)। জামুগুৰিহাটৰ দিকৰাই চাহ বাগিচাত কৰ্মৰত নিপুৰ্ব ভট্ৰাচাৰ্য আৰু নমিতা ভট্ৰাচাৰ্যৰ একমাত্ৰ সন্তান প্ৰাচুৰ্য্য গাৰ্গে বায়ো আৰু ফাৰ্মাচিউটিকেল মেটেৰিয়েল চায়েঞ্চ বিষয়ত ইউৰিপিয়ান মাৰ্ষ্টাৰচৰ সুবিধা লাভ কৰাত উৎফুল্লিত হৈ পৰা দেখা গৈছে প্ৰাচুৰ্য্য গাৰ্গৰ পৰিয়ালবৰ্গৰ লগতে প্ৰতিবেশীক ৷

বিশ্বৰ ভিতৰতে পঞ্চম স্থান লাভ কৰি নিৰ্বাচিত হোৱা প্ৰাচুৰ্য্য গাৰ্গে ইটালি আৰু পোলেণ্ডত এই অধ্যয়নৰ সুৱিধা লাভ কৰিছে৷ দিল্লীৰ বিখ্য়াত চেন্ট ষ্টিফেনচ মহাবিদ্য়ালয়ৰ পৰা ৰসায়ন বিজ্ঞানত গ্ৰেজুৱেচনৰ পাচতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সম্পূৰ্ন চৰকাৰী খৰচত অধ্যয়নৰ সুবিধা লাভ কৰে যদিও সম্প্ৰতি বিদেশ যাত্ৰাৰ বাৱে প্ৰাৰম্ভিক খা-খৰচৰ বাৱে আৰ্থিক সংকটৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে প্ৰাচুৰ্য্য গাৰ্গ আৰু পৰিয়াল বৰ্গই৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande