ঘন জংঘলে আৱৰিছে বজালীৰ নিত্যানন্দত থকা পৰিদৰ্শন বঙলা
বজালী, ১১ জুন (হি.স.)। বজালীৰ নিত্যানন্দত থকা পৰিদৰ্শন বঙলাটো বৰ্তমান পৰিত্য়ক্ত অৱস্থাত পৰি ৰৈছে । পৰিত্য়ক্ত বঙলাটো সম্প্ৰতি আবৰি ধৰিছে ঘন জংঘলে । ইয়াৰোপৰি মদ, ভাঙৰ আদ্দাৰ স্থল হৈ পৰিছে এতিয়া বাংলোৰ ভগ্ন স্থান। বঙলাটো পূৰ্বৰ পাটাছাৰকুছি সমষ্টিৰ ব
ঘন জংঘলে আৱৰিছে বজালীৰ নিত্যানন্দত থকা পৰিদৰ্শন বঙলা


বজালী, ১১ জুন (হি.স.)। বজালীৰ নিত্যানন্দত থকা পৰিদৰ্শন বঙলাটো বৰ্তমান পৰিত্য়ক্ত অৱস্থাত পৰি ৰৈছে । পৰিত্য়ক্ত বঙলাটো সম্প্ৰতি আবৰি ধৰিছে ঘন জংঘলে । ইয়াৰোপৰি মদ, ভাঙৰ আদ্দাৰ স্থল হৈ পৰিছে এতিয়া বাংলোৰ ভগ্ন স্থান।

বঙলাটো পূৰ্বৰ পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ কাৰ্যকালত চলি আছিল যদিও ১৯৯৫ চনৰ পৰা ভাঙি ছিঙি গৈছে। পৰবৰ্তী সময়ত বঙলা নহয় যেন ভূত বাংলাত পৰিণত হৈ পৰিছে । বিভাগীয় কৰ্তৃপক্ষক পূৰ্বে অৱগত কৰা হৈছিল যদিও এতিয়ালৈ পৰিত্য়ক্ত অৱস্থাতে আছে বঙলাটো ।

উল্লেখ্য় যে প্ৰবিন্দ্ৰ ডেকাৰ বিধায়কৰ কাৰ্যকালত এই বঙলাটোত জীৰণি লৈছিল বহু মন্ত্ৰী বিধায়কে । ইফালে বঙলাটোৰ এই অৱস্থা দেখি দুখিতঃ অনুভৱ কৰিছে স্থানীয় ৰাইজে । এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বজালীৰ নিত্যানন্দত থকা পৰিদৰ্শন বঙলাটো সূচল কৰি তুলিবলৈ আহ্বান জনাইছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande