দুলীয়াজানৰ কাৰিকৰী উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি হোৱা পথত
ডিব্ৰুগড়, ১১জুন (হি.স.)। দুলীয়াজানবাসী ৰাইজৰ বাবে এটা ভাল খবৰ। বহু প্ৰত্যাশিত দুলীয়াজানৰ কাৰিকৰী উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি হোৱা পথত । উল্লেখ্য যে বিগত প্ৰায় ১৪ বছৰৰ পূৰ্বে আধাৰশিলা স্থাপন কৰা দুলীয়াজানৰ কছাৰীপথাৰ অঞ্চলৰ কাৰিকৰী উদ্যো
দুলীয়াজানৰ কাৰিকৰী উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি হোৱা পথত


ডিব্ৰুগড়, ১১জুন (হি.স.)। দুলীয়াজানবাসী ৰাইজৰ বাবে এটা ভাল খবৰ। বহু প্ৰত্যাশিত দুলীয়াজানৰ কাৰিকৰী উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি হোৱা পথত । উল্লেখ্য যে বিগত প্ৰায় ১৪ বছৰৰ পূৰ্বে আধাৰশিলা স্থাপন কৰা দুলীয়াজানৰ কছাৰীপথাৰ অঞ্চলৰ কাৰিকৰী উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান খন ৰাজনৈতিক মেৰপেচত সোমাই নিৰ্মাণ কাৰ্য অসম্পূৰ্ণ হৈ আছিল ।

শেহতীয়াকৈ অসম চৰকাৰৰ কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়াৰ তথা কাৰিকৰী উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিষয়ববীয়া উপস্থিত হৈ দুলীয়াজানৰ আই টি আই খন পৰিদৰ্শন কৰে। ইফালে দুলীয়াজানৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আই টি আই খনৰ শীঘ্ৰে কাৰ্যক্ষম হ'ব বুলি জানিব দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande