ৰাজহুৱা শৌচালয় নিৰ্মাণৰ নামত ধন অপচয় অভয়াপুৰী পৌৰসভাৰ
ৰাজহুৱা শৌচালয় নিৰ্মাণৰ নামত ধন অপচয় অভয়াপুৰী পৌৰসভাৰ।
ৰাজহুৱা শৌচালয় নিৰ্মাণৰ নামত ধন অপচয় অভয়াপুৰী পৌৰসভাৰ


বঙাইগাঁও, ১১ জুন (হি.স.): ৰাজহুৱা শৌচালয় নিৰ্মাণৰ নামত অভয়াপুৰী পৌৰসভাই ধনৰ অপচয় কৰাৰ অভিযোগ উত্থাপিত হৈছে । বঙাইগাঁও জিলাৰ অভয়াপুৰী পৌৰসভাৰ অধীনত কেইবাটাও স্থানত নিৰ্মাণ কৰিছিল ৰাজহুৱা শৌচালয় (Bio Toilet)। অভয়াপুৰী পৌৰসভাই লাখ লাখ টকা খৰচ কৰি শৌচালয় নিৰ্মাণ কৰিলে ঠিকেই কিন্তু ৰাইজৰ বাবে আজিও মুকলি নহল এই শৌচালয়সমূহ ।

উল্লেখ্য় যে ৫-৬ বছৰ পূৰ্বে নিৰ্মাণ কৰা শৌচালয়সমূহত নাই কোনো বেনাৰ বা ফ্লোক । লাখ লাখ টকা ব্য়য় কৰি নিৰ্মাণ কৰা হৈছিল এই 'বায় টয়লেট' সমূহ । বছৰ বছৰ ধৰি তলা ওলমাই ৰাখাৰ ফলত চৌদিশে এতিয়া হাবি জংঘলে আগুৰি ধৰিছে । অভয়াপুৰী পৌৰসভাৰ দায়িত্বজ্ঞানহীন কাণ্ডত এতিয়া ক্ষুব্ধ হৈ পৰি স্থানীয় জনতা ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande