
ডুবাই, ১১ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মে’ মাহৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা মুকলি কৰিছে। নেপাল, বাংলাদেশ, পাকিস্তান, ইংলেণ্ড, আৰু নিউজিলেণ্ডৰ খেলুৱৈয়ে এই তালিকাত আধিপত্য বিস্তাৰ কৰিছে।
পুৰুষৰ মনোনীত
পুৰুষৰ শাখাত নেপালৰ অল-ৰাউণ্ডাৰ দিপেন্দ্ৰ সিং আইৰী, বাংলাদেশৰ স্পিনাৰ টাইজুল ইছলাম, অভিজ্ঞ বেটছমেন মুছফিকুৰ ৰহিমক মনোনীত কৰা হৈছে।
ইউ এ ইৰ বিৰুদ্ধে শতক অৰ্জন কৰি দিপেন্দ্ৰ সিং আইৰীয়ে (নেপাল) মাহটোত ২৪৯ ৰান সংগ্ৰহ কৰি ৮টা উইকেট দখল কৰে। পাকিস্তানৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ১৩টা উইকেট দখল কৰি টাইজুল ইছলামে (বাংলাদেশ) দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মুছফিকুৰ ৰহিমে (বাংলাদেশ) ২৩৫ ৰানেৰে শৃংখলাৰ সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়ায়।
মহিলা মনোনীত খেলুৱৈ
মহিলা শাখাত ইংলেণ্ডৰ লৰেন বেল, পাকিস্তানৰ গাল ফাৰুজজা, আৰু নিউজিলেণ্ডৰ মেডী গ্ৰীণক চৰ্টলিষ্ট কৰা হৈছে।
নিউজিলেণ্ড আৰু ভাৰতৰ বিৰুদ্ধে উজ্জ্বল বলিং কৰি লৰেন বেলে (ইংলেণ্ড) ১৩টা উইকেট দখল কৰে। জিম্বাবুৱেৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত একেৰাহে তিনিখন মেচত ৫০, ১০০ আৰু ১০৬ ৰান নট আউট কৰে গাল ফাৰুজজাই (পাকিস্তান)। ইংলেণ্ডৰ বিৰুদ্ধে মেডী গ্ৰীনে (নিউজিলেণ্ড) উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ১২৫ টা এদিনীয়া ৰান আৰু ৯৩ টা টি-২০ ৰান সংগ্ৰহ কৰে ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ