কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ কৰাৰ পৰিকল্পনা কৰা ২ চোৰাং চিকাৰী আটক
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ কৰাৰ পৰিকল্পনা কৰা ২ চোৰাং চিকাৰী আটক।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ কৰাৰ পৰিকল্পনা কৰা ২ চোৰাং চিকাৰী আটক


গোলাঘাট, ১১ জুন (হি.স.): কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা কালি বুধবাৰে বিয়লি চোৰাং চিকাৰ কৰাৰ পৰিকল্পনা কৰা ২ চোৰাং চিকাৰী আটক কৰা হয় । লগতে জব্দ কৰে ২ টা হস্ত নিৰ্মিত বন্দুক।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ'ৰ লগতে বনবিভাগৰ এটা দলৰ আৰু গোলাঘাটৰ এ এছ পি (অপৰাধ)ৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি উদ্যানৰ অগৰাতলী ৰেঞ্জত অভিযান চলাই দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে। লগতে এখন বাইক, দুটা হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি চোৰাং চিকাৰীৰ দুটাই বন্যপ্ৰাণী নিধনৰ বাবে পৰিকল্পনা কৰিছিল বুলি জনা গৈছে । গ্ৰেপ্তাৰ কৰা চোৰাংচিকাৰী দুজন ২ নং গেলেকীৰ জিন্টু ওৰাং (৪০), আৰু আনজন কাৰ্বি আংলঙৰ দলামৰাৰ সৰবাং ৰংহাং (৩১) বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande