পীয়ুষ গোৱেলৰ শুকুৰবাৰৰ পৰা ছুইজাৰলেণ্ডলৈ দুদিনীয়া ভ্ৰমণ, ভাৰত-ছুইজাৰলেণ্ডৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ বিষয়ে কৰিব চৰ্চা
নতুন দিল্লী, ১১ জুন (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ১২ জুন শুকুৰবাৰৰ পৰা ছুইজাৰলেণ্ডলৈ দুদিনীয়া ভ্ৰমণত নামিব। এই ভ্ৰমণৰ সময়ত তেওঁ ভাৰত-ছুইজাৰলেণ্ডৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ভাৰত-ইএফটিএ বাণিজ্য আৰু অৰ্
वाणिज्य एवं उद्योग मंत्री पीयूष गोयल का (फाइल फोटो)


নতুন দিল্লী, ১১ জুন (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ১২ জুন শুকুৰবাৰৰ পৰা ছুইজাৰলেণ্ডলৈ দুদিনীয়া ভ্ৰমণত নামিব। এই ভ্ৰমণৰ সময়ত তেওঁ ভাৰত-ছুইজাৰলেণ্ডৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ভাৰত-ইএফটিএ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টিইপিএ) ৰূপায়ণৰ ওপৰত অধিক আলোচনা কৰিব।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে বৃহস্পতিবাৰে এক বিবৃতিত প্ৰকাশ কৰে যে পীয়ুষ গোৱেলৰ দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণ (১২-১৩ জুন) ভাৰত-ছুইজাৰলেণ্ডৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ভাৰত-ইএফটিএ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টেপা) ৰূপায়ণৰ ক্ষেত্ৰত আলোচনাৰ সুবিধা প্ৰদান কৰা।

মন্ত্ৰালয়ে জনোৱা মতে, পীয়ুষ গোৱেলে ১২ জুনত ছুইজাৰলেণ্ডৰ বাৰ্ন ভ্ৰমণ কৰিব, য’ত তেওঁ চুইজাৰলেণ্ড চৰকাৰৰ জ্যেষ্ঠ প্ৰতিনিধি আৰু চুইজাৰলেণ্ডৰ ঔষধ উদ্যোগৰ নেতাসকলৰ সৈতে আলোচনা কৰিব। এই ভ্ৰমণৰ সময়ত গোৱেলে অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক সচিব হেলেন বুডলিগাৰ আৰ্টিয়েডা আৰু ছুইজাৰলেণ্ডৰ ফেডাৰেল সভাপতি গাই পাৰ্মেলিনৰ সৈতে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

বাণিজ্য মন্ত্ৰালয়ৰ মতে, তেওঁ চুইজাৰলেণ্ডৰ ঔষধ উদ্যোগৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধিৰ সৈতেও আলোচনা কৰিব। গোৱালৰ আলোচনাত টেপা ৰূপায়ণ, চুক্তিখনৰ পৰা উদ্ভৱ হোৱা কাৰ্য্যকৰী সমস্যা সমাধান, আৰু দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ, আৰু প্ৰতিষ্ঠানিক সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি আশা কৰা হৈছে।

এই ভ্ৰমণৰ সময়ত বাণিজ্য মন্ত্ৰীয়ে জুৰিখত থকা চুইজাৰলেণ্ডৰ কোম্পানী আৰু বিনিয়োগকাৰীৰ সৈতেও সাক্ষাৎ কৰি দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ সম্প্ৰসাৰণৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰিব আৰু গভীৰ অৰ্থনৈতিক সহযোগিতাৰ সন্ধান কৰিব।

গোৱেলৰ সৈতে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি) আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকিব। বাণিজ্য মন্ত্ৰীৰ এই ভ্ৰমণে টেপাৰ ফলপ্ৰসূ ৰূপায়ণত সহায় কৰিব আৰু দীৰ্ঘদিনীয়া ভাৰত-ছুইজাৰলেণ্ডৰ অৰ্থনৈতিক অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

মন কৰিবলগীয়া যে ভাৰত আৰু ই এফ টি এৰ সদস্য দেশসমূহে ছুইজাৰলেণ্ড, নৰৱে, লিচেনষ্টাইন, আৰু আইচলেণ্ডকে ধৰি ২০২৪ চনৰ মাৰ্চ মাহত বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টি ই পি এ)ত স্বাক্ষৰ কৰে, যিটো ২০২৫ চনৰ অক্টোবৰৰ পৰা কাৰ্যকৰী হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande