অসমীয়া শিল্পীয়ে সন্মানীয় ৰাষ্ট্ৰীয় সন্মান লাভ কৰাত ৰাজ্যপালৰ অভিনন্দন
গুৱাহাটী, ১১ জুন (হি.স.)। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ২০২৪ আৰু ২০২৫ বৰ্ষৰ বাবে সন্মানীয় সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হোৱা ৰাজ্যৰ শিল্পীসকলক অভিনন্দন জনাইছে আৰু উস্তাদ বিছমিল্লাহ খান যুৱপুৰাস্কাৰক অভিনন্দন জ্ঞাপন কৰিছে । আজি ইয
অসমীয়া শিল্পীয়ে সন্মানীয় ৰাষ্ট্ৰীয় সন্মান লাভ কৰাত ৰাজ্যপালৰ অভিনন্দন


গুৱাহাটী, ১১ জুন (হি.স.)। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ২০২৪ আৰু ২০২৫ বৰ্ষৰ বাবে সন্মানীয় সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হোৱা ৰাজ্যৰ শিল্পীসকলক অভিনন্দন জনাইছে আৰু উস্তাদ বিছমিল্লাহ খান যুৱপুৰাস্কাৰক অভিনন্দন জ্ঞাপন কৰিছে ।

আজি ইয়াত এক বিবৃতিত ৰাজ্যপাল আচাৰ্যই কয় যে শিল্পীসকলৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি অসমৰ বাবে অতি গৌৰৱৰ বিষয় আৰু ই ৰাজ্যখনৰ সাংস্কৃতিক পৰম্পৰাৰ সমৃদ্ধি, বৈচিত্ৰ্য, আৰু সজীৱতাক প্ৰতিফলিত কৰে । তেওঁলোকৰ এই সাফল্যই ভাৰতৰ পৰিবেশন কলাৰ প্ৰতি অসমৰ উল্লেখযোগ্য অৱদানৰ আঁত ধৰে আৰু দেশৰ অমূল্য সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত ইয়াৰ শিল্পীসকলৰ নিষ্ঠাক উজ্জ্বল কৰি তোলে ।

২০২৪ চনৰ সংগীত নাটক অকাডেমী বঁটা লাভ কৰা সকলৰ ভিতৰত আছে সত্ৰীয়া নৃত্যৰ বাবে প্ৰেমা ওজা বৰবায়ন আৰু কঠক নৃত্যৰ বাবে বিপুল চন্দ্ৰ দাস। ২০২৫ চনত অভিনয়ৰ বাবে চেতনা দাস, সত্ৰীয়া নৃত্যৰ বাবে মল্লিকা কাণ্ডলী, সত্ৰীয় সংগীতৰ বাবে ভাস্কৰ জ্যোতি ওজা ।

২০২৪ চনত অসমৰ পৰা উস্তাদ বিস্মিল্লা খান যুৱ পুৰস্কাৰ বঁটা লাভ কৰা সকলৰ ভিতৰত সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, লোকসংগীতৰ বাবে দিলীপ হীৰা আৰু নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ । ২০২৫ চনৰ বাবে এই সন্মানীয় বঁটাৰ বাবে নিৰ্বাচিত যুৱ শিল্পীসকলৰ ভিতৰত আছে সত্ৰীয়া নৃত্যৰ বাবে নিৰঞ্জন শইকীয়া বৰবায়ন, খোল বাদ্যযন্ত্ৰৰ বাবে দেবাজিত শইকীয়া, আৰু টোকাৰী গীত আৰু লোকসংগীতৰ বাবে হীৰক জ্যোতি শৰ্মা ।

ৰাজ্যপালগৰাকীয়ে কয় যে সংগীত নাটক একাডেমী (ৰাষ্ট্ৰীয় সংগীত, নৃত্য, আৰু নাটক একাডেমী)ৰ দ্বাৰা প্ৰদান কৰা সংগীত নাটক একাডেমী বঁটা আৰু উস্তাদ বিছমিল্লাহ খান যুৱপুৰাস্কাৰ ভাৰতৰ পৰিবেশন কলাৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মানৰ ভিতৰত অন্যতম। এই সন্মানসমূহে দেশৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ বাবে উৎকৃষ্টতা, উদ্ভাৱন, আৰু আজীৱন নিষ্ঠাক স্বীকৃতি দিয়ে ।

ৰাজ্যপালগৰাকীয়ে এই বিশিষ্ট আৰু উদীয়মান শিল্পীসকলৰ সাফল্যই নৱপ্ৰজন্মক কলাত্মক উৎকৰ্ষতাৰ অগ্ৰগতিৰ বাবে অনুপ্ৰাণিত কৰিব আৰু অসমৰ সজীৱ সাংস্কৃতিক পৰম্পৰাৰ সংৰক্ষণ আৰু বিকাশত অৰিহণা যোগাব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ সকলো বঁটাপ্ৰাপকক সৃষ্টিশীল প্ৰচেষ্টাত অবিৰত সফলতা কামনা কৰাৰ লগতে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰে।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande