
নতুন দিল্লী, ১১ জুন (হি.স.)। অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক পানীয় নিগম লিমিটেডৰ পৰিবহণ কেলেংকাৰীৰ সৈতে জড়িত বৃহস্পতিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে ৫টা স্থানত তালাচী চলায়। চৰকাৰী কোষাগাৰত প্ৰায় ১৯৫.৩৩ কোটি টকাৰ লোকচান হোৱাৰ লগতে নিজৰ লগতে সহযোগীসকলৰ বাবে অবৈধ লাভৰ অভিযোগ উত্থাপন হৈছে।
তালাচীৰ সময়ত ইডিয়ে ৮ লাখ ₹ নগদ ধন, দুখন ৰলেক্স ঘড়ী, প্ৰিমিয়াম বাহন, অভিযোগনামা দাখিল কৰা নথি-পত্ৰ, আৰু ডিজিটেল ডিভাইচ উদ্ধাৰ কৰে। সংস্থাটোৱে জনোৱা মতে, ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত এই তালাচী চলোৱা হৈছে।
ইডিয়ে উল্লেখ কৰে যে অভিযুক্তই চৰকাৰী কোষাগাৰত লোকচান কৰাৰ লগতে পৰিবহণ চুক্তিত হেতালি খেলি অবৈধ লাভৰ সৃষ্টি কৰিছিল। উদ্ধাৰ হোৱা নথি-পত্ৰ আৰু ডিজিটেল ডিভাইচসমূহ পৰীক্ষা কৰা হৈছে। সংস্থাটোৱে কয় যে অধিক তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া