ডবকাত কৃষি পথাৰত পানীৰ অভাৱত কঠিয়া পাৰিব পৰা নাই কৃষক সকলে,বিকল জলসিঞ্চন ব্য়ৱস্থা
নগাঁও, ১১ জুন (হি.স.)। কোটি কোটি টকা ব্যয় কৰি কৃষিক্ষেত্ৰলৈ পানী যোগান ধৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা জলসিঞ্চন বিভাগৰ একাংশ আঁচনি এতিয়া বগা হাতীত পৰিণত হৈছে।বিকল জলসিঞ্চন ব্য়ৱস্থা। বিভাগীয় বিষয়া, অভিযন্তা আৰু কৰ্মচাৰী সকলৰ অমনোযোগিতাৰ ফলত কোটিটকীয়া
ডবকাত কৃষি পথাৰত পানীৰ অভাৱত কঠিয়া পাৰিব পৰা নাই কৃষক সকলে,বিকল জলসিঞ্চন ব্য়ৱস্থা


নগাঁও, ১১ জুন (হি.স.)। কোটি কোটি টকা ব্যয় কৰি কৃষিক্ষেত্ৰলৈ পানী যোগান ধৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা জলসিঞ্চন বিভাগৰ একাংশ আঁচনি এতিয়া বগা হাতীত পৰিণত হৈছে।বিকল জলসিঞ্চন ব্য়ৱস্থা। বিভাগীয় বিষয়া, অভিযন্তা আৰু কৰ্মচাৰী সকলৰ অমনোযোগিতাৰ ফলত কোটিটকীয়া আঁচনিৰ পৰাও পথাৰত পানী লাভ কৰা নাই কৃষক ৰাইজে।

ডবকাত কৃষি পথাৰত পানীৰ অভাৱত কঠিয়া পাৰিব পৰা নাই কৃষকসকলে। যাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকসকলে।

ডবকা তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত কৃষিকাৰ্যৰ মূল ভেটি হৈছে সময়মতে পানীৰ যোগান। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে বহু লিফ্ট ইৰিগেচন কেন্দ্ৰত মেচিন, নলা-নৰ্দমা আৰু কৰ্মচাৰীৰ ব্যৱস্থা থাকিলেও কৃষিভূমিলৈ পানী যোগান ধৰা হোৱা নাই।

ফলস্বৰূপে শালী খেতিৰ বতৰ সমাগত হোৱাৰ পিছতো কৃষক সকলে কঠিয়া পাৰিবলৈ পানী লাভ কৰা নাই।

স্থানীয় কৃষক সকলৰ অভিযোগ অনুসৰি, জলসিঞ্চন বিভাগে আঁচনি নিৰ্মাণৰ নামত বিপুল পৰিমাণৰ চৰকাৰী ধন ব্যয় কৰিলেও ইয়াৰ সঠিক ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই। বহু আবেদন নিবেদন কৰিও বিফল হৈছে কৃষক সকল।

কৃষক সকলে শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক আঁচনিসমূহ পুনৰ কাৰ্যক্ষম কৰি কৃষিভূমিলৈ নিয়মীয়াকৈ পানী যোগান ধৰাৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande