
তামুলপুৰ, ১১ জুন (হি.স.)। তামুলপুৰ জিলাৰ অন্তৰ্গত বিটিচি ২৭ নম্বৰ নাগ্ৰীজূলি পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী দাসৰ প্ৰশংসনীয় পদক্ষেপ। সমষ্টিৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে নিজৰ গাঠিৰ ধন খৰচ কৰি মেৰামতি কৰি দিলে জৰাজীৰ্ণ পথ। নাগ্ৰীজূলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গয়বাৰী- কাউলী -মটঙা সংযোগী জৰাজীৰ্ণ হৈ পৰা পথত ডাম্পাৰেৰে চেণ্ড গ্ৰেভেল,মাটি পেলাই এক্সেভেটৰেৰে পথৰ ওপৰত সৃষ্টি হোৱা গাত বোৰ সমান কৰি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজক যাতায়তৰ সুবিধা কৰি দিয়ে ৷
বহু বছৰ ধৰি জৰাজীৰ্ণ হৈ পৰা অতি ব্যস্ত পথটোৰ পুনৰ নিৰ্মানৰ বাবে শীঘ্ৰেই আচনি গ্ৰহণ কৰাৰে প্ৰতিশ্ৰুতি দিয়ে কাৰ্যবাহী সদস্য লক্ষী দাসে ৷
কাৰ্যবাহী সদস্য গৰাকীয়ে ৰাইজৰ অনুৰোধত পথ মেৰামতিৰ বাবে তাৎক্ষণিকভাৱে লোৱা পদক্ষেপক ভূয়সী প্ৰসংশা কৰিছে স্থানীয় ৰাইজে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু