চিকিৎসকৰ অভাৱত ধুবুৰীৰ কালাহাটৰ কিচমত হাছদহ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসা সেৱাৰ পৰা বঞ্চিত ৰাইজ
ধুবুৰী, ১১ জুন (হি.স.)। চিকিৎসকৰ অভাৱত ধুবুৰীৰ কালাহাট অঞ্চলত থকা কিচমত হাছদহ আদৰ্শ চিকিৎসালয় খনৰ চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজ। দীৰ্ঘ দিনে চিকিৎসা সেৱাৰ বঞ্চিত হৈ আহিছে ধুবুৰীৰ কালাহাট, কিছমত হাছদহ, শৌলমাৰী, ধৰ্মশালাকে ধৰি কেই
চিকিৎসকৰ অভাৱত ধুবুৰীৰ কালাহাটৰ কিচমত হাছদহ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসা সেৱাৰ পৰা বঞ্চিত ৰাইজ


ধুবুৰী, ১১ জুন (হি.স.)। চিকিৎসকৰ অভাৱত ধুবুৰীৰ কালাহাট অঞ্চলত থকা কিচমত হাছদহ আদৰ্শ চিকিৎসালয় খনৰ চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজ। দীৰ্ঘ দিনে চিকিৎসা সেৱাৰ বঞ্চিত হৈ আহিছে ধুবুৰীৰ কালাহাট, কিছমত হাছদহ, শৌলমাৰী, ধৰ্মশালাকে ধৰি কেইবাটাও অঞ্চলৰ সহস্ৰাধিক ৰাইজ।

ধুবুৰীৰ কালাহাট অঞ্চলত থকা কিচমত হাছদহ আদৰ্শ চিকিৎসালয়ৈল দূৰ-দূৰণিৰ পৰা দুখীয়া ৰাইজ আহে যদিও চিকিৎসাৰ অভাৱত ৰাইজ বিফল মনে ঘূৰি যাব লগা হৈছে । বঞ্চিত হৈ আছে চিকিৎসা সেৱাৰ পৰা ।

দীৰ্ঘ দিনে চিকিৎসক নোহোৱাকৈ চলি আছে চিকিৎসালয় খন। সংশ্লিষ্ট স্বাস্থ্য বিভাগৰ এইক্ষেত্ৰত নাই কোনো কাণ সাৰ।

আদৰ্শ চিকিৎসালয় টোত চিকিৎসক নথকাত অঞ্চলবাসী ৰাইজে চিকিৎসাৰ ক্ষেত্ৰত হাহাকাৰ কৰিব লগীয়া হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande