উত্তৰ-পূব সীমান্ত ৰেলৱেঃ জলপাইগুড়ী জিলাত ষ্টেচন পুনৰ্বিকাশৰ কামত দ্ৰুত অগ্ৰগতি
-জলপাইগুড়ী ৰোড ষ্টেচনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ গুৱাহাটী, ১১ জুন (হি.স.)। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূব সীমান্ত ৰেলৱেই পশ্চিমবঙ্গৰ জলপাইগুড়ী জিলাৰ ৰে’ল ষ্টেচনসমূহক আধুনিক, যাত্ৰী-অনুকূল পৰিবহণ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি এক উল্লেখযোগ্য অগ্
जलपाईगुड़ी रेलवे स्टेशन निर्माण कार्य का दृश्य


-জলপাইগুড়ী ৰোড ষ্টেচনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ

গুৱাহাটী, ১১ জুন (হি.স.)। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত উত্তৰ-পূব সীমান্ত ৰেলৱেই পশ্চিমবঙ্গৰ জলপাইগুড়ী জিলাৰ ৰে’ল ষ্টেচনসমূহক আধুনিক, যাত্ৰী-অনুকূল পৰিবহণ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰি এক উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। এই আঁচনিৰ অধীনত জিলাখনত পাঁচটা ষ্টেচন চিনাক্ত কৰা হৈছে—জলপাইগুড়ী, নিউ জলপাইগুড়ী, ধুপগুড়ী, নিউ মাল জং., আৰু জলপাইগুড়ী ৰোড। ইয়াৰ ভিতৰত জলপাইগুড়ী ৰোড ষ্টেচনৰ পুনৰ্বিকাশ কাম অলপতে সম্পন্ন হৈছে, আনহাতে জলপাইগুড়ী, নিউ জলপাইগুড়ী, ধুপগুড়ী আৰু নিউ মাল জংচন ষ্টেচনসমূহৰ আধুনিকীকৰণৰ কামকাজ দ্ৰুতগতিত আগবাঢ়ি আছে। এই পদক্ষেপসমূহে ভাৰতীয় ৰেলৱেৰ দ্বাৰা উন্নত যাত্ৰী স্বাচ্ছন্দ্য, উন্নত প্ৰৱেশযোগ্যতা আৰু বিশ্বমানসম্পন্ন ষ্টেচন আন্তঃগাঁথনি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চিপিআৰঅ’ কপিঞ্জল কিশোৰ শৰ্মাই আজি কয় যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত জলপাইগুড়ী ৰোড ৰেলৱে ষ্টেচনো আধুনিক আৰু পৰিৱেশ-অনুকূল ষ্টেচনলৈ ৰূপান্তৰিত কৰা হৈছে। এই পুনৰ্বিকাশ কাৰ্যত যাত্ৰীৰ বাবে সমৰ্পিত ট্ৰেফিক লেনসহ পুনৰ নিৰ্মাণ কৰা চাৰ্কোলেটিং এলেকা, ব্যৱস্থিত পাৰ্কিং সুবিধা আৰু পথচাৰীৰ বাবে পথ অন্তৰ্ভুক্ত কৰা হৈছে, যাতে যাত্ৰীৰ সুগম চলাচল সুনিশ্চিত কৰিব পৰা যায়। এক সুবিশাল বাৰান্দা, ষ্টেচনৰ উন্নত সন্মুখভাগ, উন্নীত বুকিং কাউণ্টাৰ, আধুনিক মডুলাৰ শৌচাগাৰ, জলপান কক্ষৰ লগতে কেফেটেৰিয়া, শিশুৰ প্ৰতিপালন কক্ষসহ প্ৰশস্ত অপেক্ষা হল, উন্নত প্লেটফৰ্ম, নান্দনিক সেউজ ক্ষেত্ৰ আৰু হাই-মাস্ট আলোকসজ্জা পদ্ধতিয়ে যাত্ৰীৰ সুবিধা অধিক উন্নত কৰি তুলিছে। দিৱ্যাংগজন-হিতৈষী সুবিধা, সমৰ্পিত পাৰ্কিং ক্ষেত্ৰ আৰু উন্নত চাইনেজ প্ৰণালীৰ জৰিয়তে প্ৰৱেশাধিকাৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। যাত্ৰী তথ্য প্ৰণালীও আধুনিক ডিচপ্লে বৰ্ড আৰু ৰাজহুৱা ঘোষণা সুবিধাৰে উন্নত কৰি তোলা হৈছে।

জলপাইগুড়ী ৰোড ষ্টেচনৰ উপৰিও জলপাইগুড়ী আৰু ধুপগুড়ী ষ্টেচনৰ নিৰ্মাণ কাৰ্য ডিচেম্বৰ, ২০২৬ ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে, আনহাতে নিউ জলপাইগুড়ী আৰু নিউ মাল জং. ষ্টেচনৰ নিৰ্মাণ কাৰ্য ২০২৭ ৰ আৰম্ভণিত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱে আধুনিক, বহনক্ষম আৰু যাত্ৰী-কেন্দ্ৰিক ৰে’ল আন্তঃগাঁথনি প্ৰদান কৰাৰ দিশত সদায় প্ৰতিশ্ৰুতিবদ্ধ, যি আঞ্চলিক উন্নয়নক সঁহাৰি জনাই ভ্ৰমণৰ সামগ্ৰিক যাত্ৰা অভিজ্ঞতাক উন্নত কৰি তুলিব।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande