মুকলি নহল নগাঁও জিলাৰ চামগুৰিৰ ৰঙাগড়াত ২০১১ চনতেই নিৰ্মাণ কৰা শীতলীকৰণ ভঁৰালটো
নগাঁও, ১১ জুন (হি.স.)। ৰাজ্যৰ বিভিন্ন স্থানত কৃষক সকলে হাহাকাৰ কৰিব লগীয়া হৈছে শীতলীকৰণ ভঁৰালৰ অভাৱত। কৃষক সকলে তেওঁলোকে কঠিন শ্ৰমৰ যোগেদি উৎপাদন কৰা ফচল শীতলীকৰণ ভঁৰালৰ অভাৱত নষ্ট হৈ পৰিছে। কিন্তু ইয়াৰ বিপৰীতে কোটি কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা
মুকলি নহল নগাঁও জিলাৰ চামগুৰিৰ ৰঙাগড়াত ২০১১ চনতেই নিৰ্মাণ কৰা শীতলীকৰণ ভঁৰালটো


নগাঁও, ১১ জুন (হি.স.)। ৰাজ্যৰ বিভিন্ন স্থানত কৃষক সকলে হাহাকাৰ কৰিব লগীয়া হৈছে

শীতলীকৰণ ভঁৰালৰ অভাৱত। কৃষক সকলে তেওঁলোকে কঠিন শ্ৰমৰ যোগেদি উৎপাদন কৰা ফচল শীতলীকৰণ ভঁৰালৰ অভাৱত নষ্ট হৈ পৰিছে। কিন্তু ইয়াৰ বিপৰীতে কোটি কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা শীতলীকৰণ ভঁৰাল এতিয়া হাবিয়ে বনাঞ্চলে আগুৰি ধৰিছে।

নগাঁও জিলাৰ চামগুৰিৰ ৰঙাগড়াত ২০১১ চনতেই নিৰ্মাণ কৰা হৈছিল এটি শীতলীকৰণ ভঁৰালৰ। কিন্তু চৰকাৰী ধন শৰাধ কৰি নিৰ্মাণ কৰা শীতলীকৰণ ভঁৰালটো আজি পৰ্যন্ত মুকলি নহল। যাৰ ফলত এতিয়া হাবিয়ে জংঘলে আৱৰি ধৰিছে শীতলীকৰণ ভঁৰালটো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande